নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ সংবাদ মাধ্যম নিয়ন্ত্রণ কৰিছে চীনে

🔹 মার্কিন সংবাদ সংস্থাৰ বিস্ফোৰক তথ্য

বিশেষ বাৰ্তা, ৬ অক্টোবৰ : পাকিস্তানৰ সংবাদ মাধ্যমক সম্পূর্ণৰূপে নিয়ন্ত্রণ কৰিব বিচাৰিছে চীনে৷ শেহতীয়াকৈ এই দাবী কৰিছে মার্কিন সংবাদ মাধ্যমে৷ আমেৰিকাৰ এক সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, সমগ্র বিশ্বৰ সংবাদ মাধ্যমক নিয়ন্ত্রণ কৰিব বিচাৰিছে বেইজিং প্রশাসনে৷ শেহতীয়াকৈ চীনৰ মদতপুষ্ট হৈ ভাৰতবিৰোধী প্রচাৰ চলোৱাৰ অভিযোগত গ্রেপ্তাৰ হৈছে ‘নিউজক্লিক’ৰ প্রতিষ্ঠাতা প্রবীৰ পুৰকায়স্থ৷ ইয়াৰ মাজতেই বিস্ফোৰক এই প্রতিবেদন পোহৰলৈ আহিছে৷ প্রতিবেদনত দাবী কৰা অনুসৰি, ইতিমধ্যেই পাক সংবাদ মাধ্যমক নিয়ন্ত্রণলৈ আনিছে চীনে৷ ইয়াৰ জৰিয়তে চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ সম্পর্কীয় ‘মিছা তথ্য’ নিয়ন্ত্রণো কৰিছে চীনে৷ ইয়াৰ উপৰি ৰাছিয়াৰ সৈতে হাত মিলাইছে বেইজিং প্রশাসনে৷ বেইজিঙৰ একমাত্র লক্ষ্য হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ সৈতে সম্পর্ক সুদৃঢ় কৰি কমিউনিষ্ট চৰকাৰবিৰোধী প্রচাৰ বন্ধ কৰা৷ পাকিস্তানৰ ক্ষেত্রত সংবাদ মাধ্যম নিয়ন্ত্রণত যথেষ্ট সফল হৈছে বেইজিং৷ উল্লেখনীয় যে ‘নিউজক্লিক’ৰ প্রতিষ্ঠাতা প্রবীৰ পুৰকায়স্থৰ লগতে সাংবাদিক অমিত চক্রৱর্তীকো দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে দাবী কৰা অনুসৰি, দুই অভিযুক্তই দেশৰ ত্রুটিপূর্ণ মানচিত্র প্রস্তুত কৰাৰ বাবে ১১৫ কোটি টকা লাভ কৰিছিল৷ ‘নিউজক্লিক’ প’র্টেলে চীনৰ পৰা ধন লাভ কৰা বুলি প্রথম দাবী কৰিছিল মার্কিন সংবাদ মাধ্যমে৷

You might also like