আমদানিকৃত মার্কিন সামগ্রীত ১৫ শতাংশ শুল্ক বলৱৎ
🔹 আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক প্রত্যাহ্বান চীনৰ
নিউজ ডেস্ক, ৫ মার্চ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে চীনৰ সামগ্রীৰ ওপৰত আৰোপ কৰা শুল্কক প্রত্যাহ্বান জনাই কালি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে আমদানিকৃত মার্কিন সামগ্রীতো ১৫ শতাংশ শুল্ক আৰোপ কৰিলে৷ দীর্ঘদিন ধৰি চলি থকা আমেৰিকা আৰু চীনৰ বাণিজ্যিক শীতল যুদ্ধ এই সিদ্ধান্তৰ ফলত প্রত্যক্ষ ৰূপত প্রতিফলিত হৈছে৷ আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত ৰাষ্ট্রপতি ট্রাম্পে চীনা সামগ্রীৰ ওপৰত অতিৰিক্ত ১৫ শতাংশ কৰ আৰোপ কৰে৷ ইয়াক লৈ ক্ষুণ্ণ চীনৰ ৰাষ্ট্রপতিগৰাকীয়েও কালি আমেৰিকা যুক্তৰাষ্ট্রৰ আমদানিকৃত সামগ্রীত ১০–১৫ শতাংশ শুল্ক আৰোপ কৰে৷ অহা ১০ মার্চৰ পৰাই এই নতুন শুল্ক নীতি বলৱৎ হ’ব৷ চীনৰ বিত্ত মন্ত্রালয়ে এই তথ্য প্রকাশ কৰি কয় যে আমেৰিকাৰ কৃষি আৰু খাদ্য সামগ্রীত এই শুল্ক আৰোপ কৰা হৈছে৷ আমেৰিকাৰ কুকুৰা, মাকৈ, চয়াবিন, গোম, কপাহ আদিত অতিৰিক্ত ১৫ শতাংশ শুল্ক আৰোপ কৰাৰ লগতে গাহৰিৰ মাংস, গৰুৰ মাংস, সাগৰীয় সামগ্রী, ফল, শাক–পাচলি আৰু যুদ্ধ সামগ্রীত অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰা হৈছে৷