নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনে নির্মাণ কৰিবলৈ লৈছে সহস্রাধিক পৰমাণু অস্ত্র

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ: সমৰাস্ত্র নির্মাণৰ প্রতিযোগিতাত অৱতীর্ণ হোৱা চীনে সমগ্র বিশ্বক প্রত্যাহ্বান জনাব পৰাকৈ পৰমাণু অস্ত্র নির্মাণ কৰি আছে৷ আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনৰ শেহতীয়া প্রতিবেদন অনুসৰি চীনে সহস্রাধিক পাৰমাণৱিক শক্তিসম্পন্ন ক্ষেপণাস্ত্র প্রস্তুত কৰিব ২০৩০ চনৰ ভিতৰত৷ অর্থাৎ পৰমাণু অস্ত্রৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ ক্ষেত্রত চীনে এক ক্ষিপ্র আঁচনি গ্রহণ কৰিছে৷ ‘মিলিটাৰী এণ্ড ছিকিউৰিটী ডেভেলপমেণ্টছ ইনভলভিং দ্য পিপল্ছ ৰিপাব্লিক অৱ চাইনা (পিআৰচি)–২০২১’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা অনুসৰি চীনে ২০২৭ৰ ভিতৰত সাত শতাধিক পৰমাণু অস্ত্র নির্মাণ কৰিব৷

লক্ষণীয়ভাৱে চীনে ইতিমধ্যে স্থল, সমুদ্র আৰু বিমান ঘাটিত পৰমাণু অস্ত্র নির্মাণ তথা মজুতৰ প্লেটফর্ম গঢ়ি তোলা বুলিও উল্লেখ কৰা হৈছে এই প্রতিবেদনত৷ অত্যধিক হাৰত বেইজিং প্রশাসনে পৰমাণু অস্ত্র নির্মাণ কৰি থকাটো সমগ্র পৃথিৱীৰ বাবে আশংকাৰ বিষয় বুলিও প্রতিবেদনত সদৰী কৰা হৈছে৷ অৱশ্যে পেণ্টাগনে এই প্রতিবেদন প্রকাশ কৰিছে যদিও তাৎক্ষণিকভাৱে চীনে এইক্ষেত্রত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like