অমিক্রনৰ আতংক চীনতঃ পুনৰ কঠোৰ লকডাউনৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ প্রায় দুবছৰ পূর্বে য়ুহান চহৰৰ পৰা ক’ভিড–১৯ ভাইৰাছ বিয়পি পৰাৰ পিছত একাধিকবাৰ লকডাউন জাৰি কৰা হৈছে চীনত৷ ক’ভিড মহামাৰীৰ সময়ছোৱাত দেশৰ চৰকাৰে কার্যতঃ গৃহবন্দী কৰি ৰাখিছিল চীনৰ কোটি কোটি লোকক৷ মহামাৰীৰ সংক্রমণৰ প্রথম আৰু দ্বিতীয় জোৱাৰ হ্রাস কৰিবলৈ বিভিন্ন কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল বেইজিং প্রশাসনে৷ শেহতীয়াকৈ বিশ্বৰজুৰি ক’ভিডৰ পৰিৱর্তিত অমিক্রন প্রকৰণৰ আতংক বিয়পি পৰাৰ লগে লগে পুনৰ কঠোৰ লকডাউনৰ সিদ্ধান্ত লৈছে চীনে৷ কেইবাখনো চহৰত নতুনকৈ ক’ৰোনা সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহামাৰীক প্রতিৰোধ কৰাৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে দেশখন৷
শেহতীয়াকৈ পশ্চিম চীনৰ ঝিয়ান চহৰত সম্পূর্ণ লকডাউন কার্যকৰী কৰিছে চৰকাৰে৷ ঘন জনবসতিপূর্ণ এই চহৰৰ বাসিন্দাসকলক অতি জৰুৰী প্রয়োজন নহ’লে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ নির্দেশ দিছে৷ স্মর্তব্য যে ১৪খন প্রদেশত ১২৭গৰাকী লোক ক’ভিড মহামাৰীত নতুনকৈ আক্রান্ত হোৱাৰ লগে লগে চীনে এই কঠোৰ লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷