ভাৰতৰ ব্রাহ্মোছ ৰুধিব নোৱাৰে চীন-পাকিস্তানে
🔹 মার্কিন যুদ্ধ বিশেষজ্ঞৰ জন স্পেনছাৰৰ বিস্ফোৰণ
নিউজ ডেস্ক, ১৭ মে’ : ভাৰতৰ ব্রাহ্মোছ ক্ষেপণাস্ত্রক প্রতিৰোধ কৰিব নোৱাৰে চীন আৰু পাকিস্তানৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাই৷ ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰত পাকিস্তানৰ বিৰুদ্ধে দেশখনে প্রমাণ কৰিলে প্রতিৰক্ষা আৰু আক্রমণত ভাৰতৰ শক্তি৷ দেশীয়ভাৱে নির্মিত ব্রাহ্মোছ ক্ষেপণাস্ত্রৰ শক্তি সন্দর্ভত মার্কিন যুদ্ধ বিশেষজ্ঞই বিস্ফোৰক মন্তব্য আগবঢ়াই এই ভাৰতীয় মিছাইলক চীন আৰু পাকিস্তানৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাই প্রতিৰোধ কৰিব নোৱাৰে বুলি কয়৷ অপাৰেচন সিন্দূৰৰ প্রসংগৰে ভাৰতৰ ব্রাহ্মোছ ক্ষেপণাস্ত্রই পাকিস্তানৰ যিকোনো স্থানত যিকোনো মুহূর্তত আঘাত কৰিব পাৰে বুলি মার্কিন যুদ্ধ বিশেষজ্ঞ অৱসৰপ্রাপ্ত জন স্পেনছাৰে প্রকাশ কৰিছে৷ ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা সাক্ষাৎকাৰত অৱসৰপ্রাপ্ত কর্নেল জন স্পেনছাৰে কয় যে পাকিস্তানে ব্যৱহাৰ কৰা চীনৰ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা ভাৰতীয় ব্রাহ্মোছ মিছাইল প্রতিৰোধৰ কাৰণে সক্ষম নহয়৷ ভাৰতে পাকিস্তানৰ সামৰিক ঘাটিত কৰা আক্রমণে সেই কথা প্রমাণ কৰিছে৷ ভাৰতে পাকিস্তানৰ য’তে–ত’তে সফলতাৰে আঘাত কৰিছে৷ তেনেদৰে নিজৰ প্রতিৰক্ষাও কৰিছে৷ পাকিস্তানৰ ড্রোন আক্রমণ আৰু উচ্চ গতিসম্পন্ন মিছাইল প্রতিহত কৰিছে৷ উল্লেখ্য যে মডার্ন ৱাৰ ইনষ্টিটিউটৰ আৰবান ৱাৰ ষ্টাডিজৰ অধ্যক্ষ হিচাপে কর্মৰত স্পেনছাৰে ভাৰতীয় ব্রাহ্মোছ মিছাইলক লৈ কৰা মন্তব্যই বিশ্বত ভাৰতৰ দেশীয়ভাৱে নির্মিত ক্ষেপণাস্ত্রৰ জয়ডংকা বজালে৷ লক্ষণীয় যে অপাৰেচন সিন্দূৰ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজৰ এক গুৰুত্বপূর্ণ অভিযান বুলিও আখ্যা দিছে স্পেনছাৰে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা বাবেই পাকিস্তান সেনাই ক্ষতিৰ সন্মুখীন হ’বলগীয়াত পৰে বুলিও কয় স্পেনছাৰে৷