নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি চলাইছে চীনে

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ মার্কিন আধিপত্যক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে চীন৷ বিশ্বত ক্ষমতাৰ সমীকৰণ সলনি কৰি দিবলৈ এইবাৰ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি গ্রহণ কৰিছে কমিউনিষ্ট দেশখনে৷ সেই পৰিকল্পনাক সফল কৰিবলৈ ৰাছিয়াক সহযোগী হিচাপে বিচাৰিছে এছিয়ান ড্রেগনে৷ অকল সেয়াই নহয়, প্রতিবেশী দেশবোৰৰ বিৰুদ্ধেও যুদ্ধত নামিব পাৰে দেশখন৷ এই দাবী কৰিছে চীন–আমেৰিকা সম্পর্কৰ বিশেষজ্ঞ জনাথন ডিটি ৱার্ডে৷

সম্প্রতি ‘ফক্স বিজনেছ’ চেনেলত দিয়া এক সাক্ষাৎকাৰত জনাথনে মন্তব্য কৰিছে যে চীনে দীর্ঘদিনৰ পৰাই এক অভিসন্ধি চলাই আহিছে৷ সাক্ষাৎকাৰটোত জনাথন ডিটি ৱার্ডক চীনৰ অৱস্থান সন্দর্ভত প্রশ্ন কৰা হৈছিল৷ তেতিয়াই বিশেষজ্ঞগৰাকীয়ে কয় যে যুদ্ধৰ সময়ত ইউক্রেইনৰ কূটনীতিবিদসকলৰ সৈতে চীনা প্রতিনিধিৰ ফোনালাপত স্পষ্ট হৈছে বেইজিঙৰ দ্বৈত চৰিত্র৷ ইউৰোপ, আমেৰিকা সকলোকে মূর্খ সজাবলৈ এই কাম কৰিছে চীনে৷ বাণিজ্যিক স্বার্থ ৰক্ষা কৰিবলৈ ইউৰোপীয় দেশবোৰৰ সন্মুখত নিজৰ নিকা ছবি তুলি ধৰিবলৈ চেষ্টা কৰিছে চীনে৷ কিন্তু জনাথনৰ মতে চীনৰ সৈতে আছে ৰাছিয়াৰ অভিন্ন সম্পর্ক৷ ৰাছিয়াৰ সৈতে দীর্ঘম্যাদী জোঁট গঢ়ি তুলিবলৈ শেহতীয়াকৈ বেইজিঙে প্রচেষ্টা চলোৱা বুলিও জনাথনে দাবী কৰিছে৷

আমেৰিকা আৰু এছিয়াৰ অন্য দেশবোৰৰ সৈতে যুদ্ধ কৰিবলৈ মস্কোক সহযোগী হিচাপে বিচাৰিছে ৰঙা চীনে৷ তাৎপর্যপূর্ণভাৱে যদি জনাথনে দাবী কৰা অনুসৰি চীন–ৰাছিয়া আমেৰিকাৰ বিৰুদ্ধে এক বৃহৎ শক্তি হিচাপে থিয় দিয়ে, তেন্তে ভাৰতৰ বাবেও হ’ব এয়া প্রত্যাহ্বান৷ এনে পৰিস্থিতিত ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পর্ক বিঘ্ণিত হ’ব পাৰে আৰু সীমান্তত ভাৰতৰে চীনৰ উত্তেজনা বৃদ্ধি হোৱাৰ আশংকাই দেখা দিব পাৰে৷

You might also like