নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় পণ্যৰ বাবে বজাৰ খুলিব চীনে

🔹 ট্রাম্পৰ ‘শুল্ক বোমা’ৰ মোকাবিলা কৰাৰ নতুন কৌশল বেইজিঙৰ

নিউজ ডেস্ক, ২০ এপ্রিল : চীনা পণ্যৰ ওপৰত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বোমা’ই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শুল্ক যুদ্ধৰ ফলত চীনৰ বাণিজ্যিক অৱস্থা হঠাতে শোচনীয় হৈ পৰিছে৷ ড’নাল্ড ট্রাম্পৰ এই ‘শুল্ক বোমা’ৰ মোকাবিলা কৰিবলৈ চীনে বিভিন্ন কৌশল গ্রহণ কৰিছে৷ এইবাৰ আমেৰিকাৰ এনে অঘোষিত বাণিজ্যিক যুদ্ধৰ পৰা পৰিত্রাণ পাবলৈ ভাৰতৰ ওচৰ চাপিব বিচাৰিছে চীনে৷ শেহতীয়াকৈ চীনৰ ঝি জিনপিং প্রশাসনে ঘোষণা কৰিছে যে ভাৰতীয় পণ্যৰ বাবে দেশখনৰ ভূখণ্ডত খুলি দিয়া হ’ব নতুন বজাৰ৷ অর্থাৎ চীনৰ বজাৰ ভাৰতীয় পণ্যৰ বাবে মুকলি কৰি দিব বুলি ঘোষণা কৰিছে বেইজিং প্রশাসনে৷ এয়া অতি তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷ কেইবাটাও সংবাদ সংস্থাই এই সন্দর্ভত প্রকাশ কৰিছে প্রতিবেদন৷ শেহতীয়াকৈ চীনৰ ৰাষ্ট্রদূত জু ফেইহঙে ভাৰতীয় এক সংবাদ সংস্থাৰ সৈতে হোৱা বার্তালাপত উল্লেখ কৰিছে যে বিভিন্ন ভাৰতীয় পণ্যৰ বাবে চীনৰ বজাৰত স্থান মুকলি কৰি দিয়াৰ চিন্তা–চর্চা চলাইছে বেইজিং প্রশাসনে৷ ৰাষ্ট্রদূতগৰাকীয়ে এই আশাও কৰিছে যে চীনৰ সংস্থাবোৰকো ভাৰতে ব্যৱসায়ৰ বাবে স্বচ্ছ আৰু বৈষম্যহীন পৰিৱেশ দিব৷ চীনে ইচ্ছাকৃতভাৱে কেতিয়াও বাণিজ্য ঘাটি বৃদ্ধি কৰা নাই বুলিও মন্তব্য কৰে ৰাষ্ট্রদূতগৰাকীয়ে৷ স্মর্তব্য যে ভাৰত–চীনৰ বাণিজ্য ঘাটি ৯৯ বিলিয়ন মার্কিন ডলাৰৰ৷ আশা কৰা হৈছে চীনৰ এনে পদক্ষেপৰ ফলত এই ঘাটি যথেষ্ট পূৰণ কৰাৰ সুযোগ লাভ কৰিব ভাৰতে৷ জু ফেইহঙে এই কথাও উল্লেখ কৰিছে যে ভাৰত–চীন অর্থনৈতিক তথা বাণিজ্যিক সম্পর্ক পাৰস্পৰিক লাভ তথা একেবাৰেই ‘উইন উইন’ সহযোগিতাৰ৷ যোৱা মাহত ৰাষ্ট্রপতি জিনপিঙে জনাই দিছিল যে বিশ্বৰ দ্বিতীয় বৃহত্তম বজাৰৰ বাবে বিনিয়োগ আৰু বাণিজ্যৰ সুযোগৰ সৰবৰাহ কৰিব লাগিব৷ এইক্ষেত্রত ভাৰতৰ সহযোগিতা বিচাৰিছিল জিনপিঙে৷ স্মর্তব্য যে চীন আৰু আমেৰিকাই পৰস্পৰৰ বিৰুদ্ধে নিক্ষেপ কৰি আছে শুল্কবাণ৷ ভাৰত, কানাডা, চীনসহ একাধিক দেশৰ ওপৰত ২ এপ্রিলৰ পৰা ব্যাপক হাৰত শুল্ক আৰোপ কৰিছিল ড’নাল্ড ট্রাম্প প্রশাসনে৷ অৱশ্যে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰি গৃহভূমিতেই ট্রাম্প ক্ষোভৰ  সন্মুখীন হ’বলগীয়া হয়৷ ইয়াৰ বাবে নতুন শুল্ক আৰোপ ৯০ দিনলৈ স্থগিত ৰাখিবলৈ বাধ্য হয় ৰাষ্ট্রপতি ট্রাম্প৷ কিন্তু এইক্ষেত্রত ৰেহাই দিয়া নহ’ল চীনক৷ চীনৰ ওপৰত ২৪৫ শতাংশ শুল্ক আৰোপ কৰিছে ট্রাম্প প্রশাসনে৷ আমেৰিকাক এইক্ষেত্রত প্রত্যুত্তৰ দিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে চীনে৷ বিশেষকৈ মার্কিন ব’য়িং কোম্পানীৰ পৰা চীনৰ উৰণ সংস্থাসমূহক নতুনকৈ বিমান ক্রয়ৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে চীনে৷ অর্থাৎ চীনৰ উৰণ সংস্থাসমূহে নতুনকৈ আমেৰিকাৰ ব’য়িং কোম্পানীৰ বিমান ক্রয় নকৰে৷ ইয়াৰ পূর্বে আমেৰিকাই চীনক ম’বাইল, কম্পিউটাৰ, বৈদ্যুতিন চিপছ আদি কেইবাবিধো পণ্যৰ ওপৰত শুল্ক ৰেহাই দিছিল৷ ইয়াৰ ফলত চীনৰ বাণিজ্যিক ব্যৱস্থা কিছু সুস্থিৰ হৈছে যদিও মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভয়াৱহ পৰিস্থিতিৰ মুখামুখি কৰাইছে দেশখনক৷ এনে পৰিস্থিতিত চীন–ভাৰতে সহযোগিতাৰে দুয়োখন দেশৰ অভ্যন্তৰত নতুন বজাৰ সৃষ্টি কৰিলে অর্থনীতিত সুস্থিৰতা আহি পৰাটো নিশ্চিত৷ বাণিজ্যিক ঘাটি হ্রাস পোৱাৰ সম্ভাৱনাও প্রচুৰ৷ চীনৰ শেহতীয়া অৱস্থানে ভাৰতক বাণিজ্যিক ক্ষেত্রত এক নতুন সুযোগ আনি দিয়া বুলি ধাৰণা কৰিছে বিশেষজ্ঞ মহলে৷

You might also like