২০২৫ত টাইৱানত আক্রমণ চলাব চীনে
🔹 আমেৰিকা যুক্তৰাষ্ট্রৰ থিংক টেংকৰ প্রতিবেদনত প্রকাশ
নিউজ ডেস্ক, ১২ জানুৱাৰী : আমেৰিকা যুক্তৰাষ্ট্রৰ থিংক টেংক চেণ্টাৰ ফৰ প্রিভেণ্টিভ এক্সন চমুকৈ চিপিএই প্রকাশ কৰা প্রতিবেদনত ২০২৫ চনতে টাইৱানৰ ওপৰত চীনে আক্রমণ চলাব বুলি প্রকাশ পাইছে৷ ২০২৪ চনৰ নৱেম্বৰলৈকে ৬৮০ বিদেশী নীতি বিশেষজ্ঞৰ আধাৰত প্রকাশিত ‘প্রিভেণ্টিভ পাইৰোটিজ ছার্ভে–২০২৫’ শীর্ষক প্রতিবেদন অনুসৰি চীন আৰু টাইৱানৰ মাজত ২০২৫ চনত সংঘাত আৰম্ভ হ’ব আৰু ইয়াৰ বাবে আমেৰিকাৰ স্বার্থত প্রভাৱ পৰিব৷ দক্ষিণ চীন সাগৰত চীনৰ আগ্রাসী ভূমিকাৰ বাবে টাইৱানত দেশখনৰ দ্বাৰা আক্রমণ সংঘটিত হ’ব আৰু ইয়াৰ লগত আমেৰিকা যুক্তৰাষ্ট্র আৰু আঞ্চলিক শক্তিসমূহ জড়িত হৈ পৰিব৷ চীনে টাইৱানৰ ওপৰত আক্রমণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্রইহে আক্রমণৰ বিৰোধিতা কৰিব৷ টাইৱানে আমেৰিকা যুক্তৰাষ্ট্র আৰু অঞ্চলটোৰ আন দেশৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলাৰ বাবে চীনে সামৰিক আৰু অর্থনৈতিক হেঁচা টাইৱানৰ ওপৰত প্রয়োগ কৰিছে৷ আনকি, চীনে আমেৰিকা যুক্তৰাষ্ট্রৰ গুৰুত্বপূর্ণ আন্তঃগাঁথনিত চাইবাৰ আক্রমণৰ দ্বাৰা ক্ষতিসাধন কৰিছে৷ দক্ষিণ চীন সাগৰৰ ফিলিপাইনছৰ সমীপলৈকে চীনে আগ্রাসী ভূমিকা গ্রহণ কৰিছে৷ ইয়াৰ ফলত চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজত সংঘাত হোৱাৰো সম্ভাৱনা আছে৷ ৰাষ্ট্রপতি হিচাপে ড’নাল্ড ট্রাম্পে কার্যনির্বাহ কৰাৰ পিছতেই পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনাও আছে৷ আনহাতে, এই প্রতিবেদনত পাকিস্তান আৰু আফগানিস্তানৰ মাজত প্রত্যক্ষ সংঘাত সন্দর্ভতো গুৰুত্বপূর্ণ তথ্য প্রচাৰ কৰিছে৷ দুয়োখন দেশৰ মাজত প্রত্যক্ষ সংঘাতে ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰিছে বুলিও প্রকাশ কৰা হৈছে৷ মন কৰিবলগীয়া যে টাইৱান আৰু চীনৰ বিষয়টো এটা জটিল আৰু দীর্ঘদিনীয়া ভূ–ৰাজনৈতিক সংঘাত৷ টাইৱানৰ সার্বভৌমত্বক লৈয়েই এই সংঘাত চলি আহিছে৷ টাইৱানক ৰিপাব্লিক অৱ চীন হিচাপে আনুষ্ঠানিকভাৱে জনা যায়৷ নিজৰ চৰকাৰ, সামৰিক বাহিনী আৰু নিজস্ব অর্থনীতিও আছে৷