নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ শুল্ক যুদ্ধক প্রত্যাহ্বান জনাবলৈ ভাৰতক সংগী কৰিব চীনে

🔹 আমেৰিকাৰ বিৰুদ্ধে প্রয়োজন ‘হাতী–ড্রেগনৰ নাচ’

নিউজ ডেস্ক, ৮ মার্চ : আমেৰিকাত ড’নাল্ড ট্রাম্প ক্ষমতালৈ অহাৰ পাছতে চীনা পণ্যৰ ওপৰত ২০ শতাংশ শুল্ক বৃদ্ধি কৰা হৈছে৷ ট্রাম্পৰ এই কঠোৰ পদক্ষেপৰ পৰা ৰেহাই পোৱা নাই ভাৰতেও৷ অস্ত্রবিহীন এই শুক্ল যুদ্ধত আমেৰিকাৰ বিৰুদ্ধে যুঁজ চলাই যাবলৈ এইবাৰ ভাৰতক সংগী হিচাপে বিচাৰিলে প্রতিৱেশী চীনে৷ কালি এই বিষয়টোত নতুন দিল্লীক বার্তা দিয়ে চীনৰ বিদেশ মন্ত্রী ৱাং য়িয়ে৷ মন্ত্রীগৰাকীয়ে কয় যে আধিপত্যবাদ আৰু পেশীশক্তিৰ ৰাজনীতিৰ বিৰুদ্ধে ভাৰত–চীন উভয় দেশে ঐক্যবদ্ধভাৱে নেতৃত্ব দিব লাগিব৷ মন্ত্রীগৰাকীয়ে এইবুলিও কয়– ‘এতিয়া হাতী (ভাৰত) আৰু ড্রেগন (চীন)ৰ নাচক বাস্তৱত পৰিণত কৰাই একমাত্র সঠিক পথ৷’ অকল সেয়াই নহয়, প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রশংসাও কৰিলে চীনৰ বিদেশ মন্ত্রীগৰাকীয়ে৷ চীন-ভাৰতৰ মাজত শত্রুতাৰ সূত্রপাত ৬০ৰ দশকতে৷ ইয়াৰ পাছত বহুবাৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক উন্নত কৰাৰ চেষ্টা চলিছে যদিও আজিলৈকে সম্পর্ক উন্নত হোৱা নাই৷ শেহতীয়াকৈ চীনৰ বিদেশ মন্ত্রীগৰাকীয়ে আমেৰিকাৰ বিৰুদ্ধে ভাৰতক সংগী হিচাপে বিচৰা বিষয়টো তাৎপর্যপূর্ণ হিচাপে চিহ্ণিত হৈছে৷

You might also like