কিটৰ পৰীক্ষাত ভাৰতক সহায় কৰিব চীনে
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯এ বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰাৰ সময়ত চীনৰ বিৰুদ্ধে আমেৰিকাকে ধৰি কেইবাখনো দেশে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি দাবী জনাই আহিছে যদিও বিভিন্ন দেশক ক’ৰোনা প্রতিৰোধৰ ক্ষেত্রত সহযোগিতা আগবঢ়াই আহিছে বেইজিং প্রশাসনে ৷ শেহতীয়াকৈ চীনৰ দুটাকৈ ফার্মা কোম্পানীয়ে ভাৰতৰ কোম্পানীসমূহক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ উল্লেখনীয় যে চীনৰ গুংঝু ৱল্ডফ’ বায়’টেক আৰু লিৱজন ডায়েগ্ণষ্টিকছে ভাৰতলৈ ক’ৰোনাৰ পৰীক্ষাৰ বাবে ৫.৫ লাখ কিট্ প্রেৰণ কৰিছে৷ কিন্তু এই কিট্বোৰ নিম্নমানৰ বুলি ভাৰতৰ কেইবাটাও কোম্পানীয়ে অভিযোগ কৰিছে৷ এই অভিযোগৰ পিছতেই চীনা কোম্পানী দুটাৰ তৰফৰ পৰা পৃথক পৃথক বিবৃতিত ঘোষণা কৰা হৈছে যে কিট্বোৰ প্রস্তুতৰ ক্ষেত্রত কঠোৰভাৱে ইয়াৰ মান্যতা নিয়ন্ত্রণৰ বিষয়টোত গুৰুত্ব প্রদান কৰা হৈছে৷ আনকি এই কিট্বোৰ ব্যৱহাৰ কৰি সঠিক ফলাফল পোৱা বুলি দাবী কৰিছে কোম্পানী দুটাই৷ স্মর্তব্য যে ভাৰতৰ আইচিএমআৰে এই কিট্বোৰৰ মান্যতা পৰীক্ষা নোহোৱালৈকে আগন্তুক দুটা দিনলৈ ইয়াৰ ব্যৱহাৰ বন্ধ কৰাৰ নির্দেশ দিছে৷ লগে লগে চীনত বিষয়টোক লৈ সৃষ্টি হৈছে চর্চা৷ কিট্বোৰৰ পৰীক্ষাৰ বাবে চীনৰ কোম্পানী দুটাই সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰাৰ লগে লগে বিষয়টোৱে ভাৰতত গুৰুত্ব লাভ কৰিছে ৷