ক’ৰোনা অতিমাৰীতকৈও ভয়াৱহ চীনৰ ‘কৃষি সন্ত্রাস’
🔹 চীনা দম্পতীক গ্রেপ্তাৰৰ পাছতে মার্কিন বিশেষজ্ঞৰ সতর্কবাণী
নিউজ ডেস্ক, ৯ জুন : ক’ৰোনা অতিমাৰীতকৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে বিশ্ব৷ এই সতর্কবাণী কৰিছে মার্কিন বিজ্ঞানীসকলে৷ শেহতীয়াকৈ ফচল নষ্ট কৰা ভয়াৱহ ভেঁকুৰ আমেৰিকালৈ সৰবৰাহৰ চেষ্টা চলোৱা এক চীনা দম্পতী গ্রেপ্তাৰ হৈছে৷ ইয়াৰ পিছতে এই দাবী কৰিছে মার্কিন বিজ্ঞানীসকলে৷
চীনৰ গৱেষক বিজ্ঞানী দম্পতী গ্রেপ্তাৰ হোৱাৰ পাছত আমেৰিকাৰ চীন বিষয়ত শীর্ষ বিশেষজ্ঞ গর্ডন জিন চাঙে ফক্স নিউজৰ আগত উল্লেখ কৰিছে যে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ চীনা দম্পতী আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণাত চামিল হোৱা বুলি অভিযোগ কৰিছে বিশেষজ্ঞগৰাকীয়ে৷ আমেৰিকাত ‘কৃষি সন্ত্রাস’ সৃষ্টি কৰিবলৈ যি বিষাক্ত ভেঁকুৰ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল তাৰ ফলত ক’ৰোনা অতিমাৰীয়ে সৃষ্টি কৰা বিভীষিকাতকৈ ভয়াৱহ পৰিণতি সৃষ্টি হোৱাৰ অৱকাশ আছিল৷
অর্থাৎ এনে বিষাক্ত ভেঁকুৰে অতিমাৰীতকৈও ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞগৰাকীয়ে৷ এনেধৰণৰ ষড়যন্ত্র যদি সফল হয় তেন্তে সেয়া অকল আমেৰিকা নহয়, সমগ্র পৃথিৱীৰ বাবে ধ্বংসৰ কাৰণ হৈ পৰিব পাৰে বুলিও আশংকা কৰা হৈছে৷