নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতলৈ আহিছে চীনৰ বৰবিহ কৃত্রিম নহৰু !

🔹 ১৪০০ কুইণ্টল জব্দ শুল্ক বিভাগৰ

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : প্লাষ্টিকৰ চাউলক লৈ বিভিন্ন সময়ত চর্চা চলাৰ পিছত এইবাৰ কৃত্রিমভাৱে প্রস্তুত কৰা নহৰু আহিছে ভাৰতলৈ৷ নেপালৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছিল ১৪০০ কুইণ্টল চীনা নহৰু৷ কিন্তু উত্তৰ প্রদেশৰ মহাৰাজগঞ্জৰ কাষত শুল্ক বিভাগৰ বিষয়াসকলে সেয়া জব্দ কৰে৷ সূত্রই সদৰী কৰা অনুসৰি বজাৰত যি নহৰু বিক্রী হৈ আছে, দেখিবলৈ চীনা নহৰু দৰেই৷ গতিকে দুই ধৰণৰ নহৰুৰ মাজত পার্থক্য বিচাৰ কৰিব পৰাটো কঠিন৷ কিন্তু চীনা নহৰু স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক বুলি দাবী কৰিছে শুল্ক বিভাগৰ বিষয়াসকলে৷ কাৰণ কোনো প্রাকৃতিক উপায়েৰে নহয়, কৃত্রিমভাৱে প্রস্তুত কৰা হৈছে এই নহৰু৷ এই নহৰুত আছে প্রাণঘাতী উপাদান৷ ভাৰতৰ বজাৰত চীনা নহৰু বিয়পি পৰিলে তাৰ পৰিণাম অতি ভয়ংকৰ হ’ব পাৰে বুলি ইতিমধ্যে এই নহৰু সৰবৰাহৰ ক্ষেত্রত নজৰদাৰী কঠোৰ কৰি তোলা হৈছে দেশৰ বিভিন্ন প্রান্তত৷ উত্তৰ প্রদেশৰ ভাৰত–নেপাল সীমান্তত জব্দ কৰি এই ১৪০০ কুইণ্টল নহৰু নষ্ট কৰি পেলোৱা হৈছে৷

You might also like