নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱান প্রণালীত সন্ধানহীন চীনৰ পাৰমাণৱিক ছাবমেৰিন

🔹 আতংকিত টাইপেই প্রশাসন

🔹 বেইজিঙৰ মৌনতাই সৃষ্টি কৰিছে ৰহস্য

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : হঠাতে সন্ধানহীন চীনৰ পৰমাণু শক্তিসম্পন্ন ছাবমেৰিন৷ টাইৱান প্রণালী অতিক্রম কৰাৰ সময়ত যোগাযোগ বিচ্ছিন্ন হৈছে এই ছাবমেৰিনখনৰ সৈতে৷ চীনা সেনা পিএলএৰ সৈতে ছাবমেৰিনখনৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছতে তীব্র আতংকৰ সৃষ্টি হৈছে টাইৱানত৷ ক’ত গ’ল এই শক্তিশালী ছাবমেৰিন৷ বৃদ্ধি পাইছে ৰহস্য৷ এই ৰহস্য বৃদ্ধি পোৱাৰ কাৰণ হৈছে চীনৰ প্রতিৰক্ষা মন্ত্রী লি ছাংফুৰ ৰহস্যজনক অন্তর্ধান৷ প্রতিৰক্ষা মন্ত্রণালয়ে ছাবমেৰিনখন সন্ধানহীন হোৱা বিষয়টোক লৈ কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ লক্ষণীয়ভাৱে এই ছাবমেৰিনখন সন্ধানহীন হোৱাৰ পিছতে চীনৰ প্রতিৰক্ষা মন্ত্রী লি ছাংফুক কোনেও ৰাজহুৱা স্থানত দেখা নাই৷ দুসপ্তাহ ধৰি অন্তর্ধান হৈ আছে প্রতিৰক্ষা মন্ত্রীগৰাকী৷ আন্তর্জাতিক মহলৰ মাজতো সৃষ্টি হৈছে কৌতূহল৷ কাৰণ চীনে বিষয়টো মুকলিকৈ প্রকাশ নকৰা পর্যন্ত এই ৰহস্যৰ অৱসান নঘটে৷ আমেৰিকাই ধাৰণা কৰা অনুসৰি প্রতিৰক্ষা মন্ত্রী লিৰ বিৰুদ্ধে তদন্ত চলাইছে ঝি জিনপিং চৰকাৰে৷ ইতিমধ্যে প্রতিৰক্ষা মন্ত্রীগৰাকীক অপসাৰণ কৰা বুলিও আমেৰিকাই দাবী কৰিছে৷ এই ঘটনাই চীনৰ প্রশাসনৰ অন্তর্দ্বন্দ্বক পোহৰলৈ অনা বুলিও দাবী কৰিছে আমেৰিকাই৷ শেহতীয়াকৈ ছাবমেৰিনখন সন্ধানহীন হোৱাৰ বাবেই প্রতিৰক্ষা মন্ত্রীগৰাকীক অপসাৰণ কৰা বুলি আমেৰিকাই সন্দেহ কৰিছে৷ এই পৰমাণু শক্তিসম্পন্ন ছাবমেৰিনখন বিধ্বস্ত হ’লে সমুদ্রত বিপর্যয়ৰ সৃষ্টি হ’ব বুলি আশংকা প্রকাশ কৰিছে টাইৱানে৷

You might also like