জিনপিঙৰ নির্দেশত চীনত ২০০ কাৰাগাৰ নির্মাণ
🔹 কঠোৰ ৰাষ্ট্রপতি ঝি জিনপিং
🔹 কি এই ‘লিউঝি চেণ্টাৰ’ ?
নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : দুই শতাধিক নতুন কাৰাগাৰ প্রতিষ্ঠা কৰিছে চীনে৷ দেশৰ বিভিন্ন প্রান্তত এই নতুন কাৰাগাৰবোৰ গঢ়ি তোলা হৈছে৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ নির্দেশত এই নতুন কাৰাগাৰবোৰ নির্মাণ কৰা হৈছে৷ আনফালে পুৰণি কাৰাগাৰৰ সংস্কাৰ ঘটাই নতুন বিভাগ খোলা হৈছে সেইবোৰত৷ এইবাৰ কাৰাগাৰসমূহত নতুন নিয়ম প্রৱর্তনো কৰিছে বেইজিং প্রশাসনে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, দেশজুৰি দুর্নীতি দমন অভিযান আৰম্ভ কৰিছে চীনৰ কমিউনিষ্ট চৰকাৰে৷ ইয়াৰ বাবে নতুনকৈ নির্মাণ কৰা হৈছে কাৰাগাৰসমূহ৷ এই কাৰাগাৰসমূহৰ নাম দিয়া হৈছে ‘লিউঝি চেণ্টাৰ’৷ দুর্নীতিৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰি গ্রেপ্তাৰ কৰা লোকসকলক এই নতুন কাৰাগাৰত ৰখা হ’ব৷ চীন চৰকাৰৰ নির্দেশ অনুসৰি এই কাৰাগাৰসমূহত কমপক্ষেও ছমাহ ধৰি বন্দীসকলক ৰখা হ’ব বিনাবাধাই৷ এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে কোনো আইনী সাহায্য নাপাব৷ আনকি দেখা কৰিব নোৱাৰিব পৰিয়ালৰ সদস্যৰ সৈতে৷ কেৱল সন্দেহৰ ওপৰত ভিত্তি কৰিয়েই এনে অভিযুক্তসকলক গ্রেপ্তাৰ কৰা হওক৷ ৰাষ্ট্রপতি ঝি জিনপিঙৰ নির্দেশত গঢ়ি তোলা নতুন কাৰাগাৰত বিভিন্ন বিশেষত্ব আছে৷ বন্দী অৱস্থাত কোনেও যাতে নিজক আঘাত কৰিব নোৱাৰে তাৰ বাবে দেৱালত লগোৱা থাকিব নৰম গাদী৷ ছমাহ পিছত লিউঝি চেণ্টাৰৰ পৰা মুকলি হৈ আহি এজন অভিযুক্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁক দৈনিক ১৮ ঘণ্টা পর্যন্ত বহুৱাই ৰখা হৈছিল৷ আনকি টোপনিৰ বাবে সময় দিয়া হোৱা নাছিল৷ ইয়াৰ উপৰি বিভিন্ন ধৰণে কাৰাগাৰৰ ৰক্ষীসকলে এনে বন্দীক অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে৷ স্মর্তব্য যে ২০১২ চনত চীনৰ ক্ষমতালৈ আহে ঝি জিনপিং৷ ইয়াৰ পিছৰে পৰা চীনৰ কমিউনিষ্ট পার্টীত জিনপিঙে আধিপত্য পাবলৈ ধৰে৷ বর্তমান চীনৰ ৰাষ্ট্রপতি হিচাপে জিনপিঙৰ তৃতীয়টো কার্যকাল চলি আছে৷ নিজৰ দুর্নীতিবিৰোধী ভাবমূর্তিক অক্ষত ৰাখিছিল নেতাগৰাকীয়ে৷ শেহতীয়াকৈ দুর্নীতিৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত দিয়েই জিনপিঙৰ নির্দেশত নির্মাণ কৰা হৈছে নতুন কাৰাগাৰবোৰ৷