নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য়ুহানত ক’ৰোনাৰ সংক্রমণৰ সংবাদ প্রকাশৰ শাস্তিঃ কাৰাগাৰত মৃত্যুৰে যুঁজিছে সাংবাদিক ঝাং ঝানে

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: চীনৰ য়ুহান চহৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বার্তা লাভ কৰাৰ পিছতে খবৰ সংগ্রহ কৰিবলৈ চহৰখনত উপস্থিত হৈছিল এগৰাকী সাংবাদিক৷ ক’ৰোনাৰ সংক্রমণ প্রথম য়ুহানত হোৱাৰ খবৰ বিশ্ববাসীৰ নজৰলৈ আনিছিল এই সাংবাদিকগৰাকীয়ে৷ সাংবাদিকগৰাকীৰ প্রতিবেদনত পোহৰলৈ আহিছিল প্রশাসনৰ উদাসীনতাৰ তথ্য৷ সেয়াই আছিল সাংবাদিকগৰাকীৰ অপৰাধ৷ ৩৮ বছৰীয়া সাংবাদিক তথা প্রাক্তন অধিবক্তা ঝাং ঝান এতিয়া এই অপৰাধৰ বাবেই মৃত্যুৰ সন্মুখীন হ’বলগীয়া হৈছে৷

২০২০ৰ মে’ মাহৰ পৰা ছাংহাইৰ কাৰাগাৰত বন্দী হৈ আছে ঝাং৷ আদালতে দোষী সাব্যস্ত কৰি ঝাঙক চাৰি বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে৷ ইয়াৰ প্রতিবাদত কাৰাগাৰৰ অভ্যন্তৰতে আমৰণ অনশন চলাই আছে ঝাঙে৷ এবছৰৰো অধিককাল ধৰি অনশন চলাই থকা ঝাঙৰ স্বাস্থ্যৰ চৰম অৱনতি ঘটিছে৷ শেহতীয়াকৈ ঝাঙৰ ভাতৃয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, কম দিনৰ ভিতৰতে ঝাঙে মৃত্যুক আদৰি ল’ব লগা হ’ব৷

You might also like