মোদীৰ নেতৃত্বত ভাৰতৰ উন্নয়নক প্রশংসা চীনা সংবাদ পত্রৰ
নিয়মীয়া ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰতৰ অর্থনৈতিক উন্নয়ন, সামাজিক শাসন আৰু বৈদেশিক নীতিৰ ক্ষেত্রত গুৰুত্বপূর্ণ পদক্ষেপক প্রশংসা কৰি এটা নিবন্ধ প্রকাশ কৰিছে চীনা সংবাদ পত্র ‘গ্লোবেল টাইমছ’–এ৷ ছাংহাইৰ সুদান বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়া অধ্যয়ন কেন্দ্রৰ সঞ্চালক ঝাং জিয়াঙে লিখা এই প্রবন্ধটোত যোৱা ৪টা বছৰত ভাৰতৰ উল্লেখযোগ্য সাফল্য সন্দর্ভত আলোকপাত কৰিছে৷ চীনৰ প্রতি ভাৰতৰ দৃষ্টিভংগীৰ পৰিৱর্তন হোৱা বুলিও প্রবন্ধটোত উল্লেখ কৰা হৈছে৷ চীন-ভাৰতৰ বাণিজ্যিক সম্পর্কৰ উন্নতি ঘটা বুলিও প্রবন্ধটোত মোদীৰ নেতৃত্বক প্রশংসা কৰা হৈছে৷ চীনৰ সংবাদ মাধ্যমত ভাৰতক প্রশংসা কৰাটো তাৎপর্যপূর্ণ ঘটনা৷