আমেৰিকাৰ একপক্ষীয় গুণ্ডাগিৰিৰ বিৰুদ্ধে কাম কৰিবলৈ European Unionক আহ্বান চীনৰ ৰাষ্ট্ৰপতিৰ
নিউজ ডেস্ক, ১১ এপ্ৰিলঃ আজি চীনে ইউৰোপীয় সংঘক আমেৰিকাৰ “একপক্ষীয় গুণ্ডাগিৰি”ৰ বিৰুদ্ধে একেলগে কাম কৰিবলৈ আহ্বান জনায়। চীনে এই বক্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনৰ পৰা অহা কিছুমান সামগ্ৰীৰ ওপৰত ১৪৫% পৰ্যন্ত বৃহৎ শুল্ক আৰোপ কৰাৰ পিছত প্ৰকাশ কৰিছে। ইয়াৰ প্ৰতি সঁহাৰি জনাই ইউৰোপীয় সংঘয়ো কিছু কৰ আৰোপ কৰাৰ সিদ্ধান্ত লয় যদিও এই মুহূৰ্তত তেওঁলোকে ২০ শতাংশ কৰ ৯০ দিনৰ বাবে পিছুৱাই দিছে। চীনে এইটোও স্পষ্ট কৰি দিলে যে যদি আমেৰিকাই এনে অবিবেচক পদক্ষেপ গ্ৰহণ কৰি থাকে, তেন্তে ইও বাণিজ্য যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু।
বেইজিঙত স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই আহ্বান জনায়। ৰাজ্যিক সংবাদ সংস্থা ছিনহুয়াৰ মতে, ঝি জিনপিঙে ইউৰোপীয় সংঘকো সকীয়াই দিছিল যে আমেৰিকাৰ সৈতে ক্ৰমাৎ বৃদ্ধি পোৱা বাণিজ্যিক বিবাদৰ সৈতে মোকাবিলা কৰিবলৈ চীনৰ সৈতে একেলগে কাম কৰিব লাগে।
চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চীন আৰু ইউৰোপে যৌথভাৱে নিজৰ আন্তঃৰাষ্ট্ৰীয় দায়িত্ব পালন কৰা উচিত আৰু আমেৰিকাৰ একপক্ষীয় ভাবুকিমূলক নীতিৰ যৌথ বিৰোধিতা কৰা উচিত। পূৰ্বৰ বক্তব্যসমূহ পুনৰবাৰ উল্লেখ কৰি তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা দুয়োটা পক্ষৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ন্যায় আৰু সমতাও শক্তিশালী হ’ব।
স্পেইনৰ প্ৰধানমন্ত্ৰীয়ে কয় যে বাণিজ্যক লৈ চলি থকা উত্তেজনাই ইউৰোপীয় সংঘ আৰু চীনৰ মাজত সহযোগিতা বন্ধ কৰিব নালাগে। প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে স্বীকাৰ কৰে যে, “স্পেইন আৰু ইউৰোপে চীনৰ সৈতে বাণিজ্য হেৰুৱাইছে।” কিন্তু তেওঁ লগতে কয় যে আমি এই বাণিজ্যিক উত্তেজনাক আমাৰ পাৰস্পৰিক সম্পৰ্ক আৰু ভৱিষ্যতৰ সহযোগিতাৰ ক্ষেত্ৰত বাধা হ’বলৈ দিব নালাগে।’ স্পেইনে প্ৰতি বছৰে চীনৰ পৰা প্ৰায় ৫০ বিলিয়ন ডলাৰৰ সামগ্ৰী ক্ৰয় কৰে।