নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ কৃষি ধ্বংসৰ ষড়যন্ত্র চীনা বিজ্ঞানীৰ

🔹 চীনৰ পৰা ভয়াৱহ ভেঁকুৰ সৰবৰাহ গৱেষক দম্পতীৰ, গ্ৰেপ্তাৰ জিয়ান

নিউজ ডেস্ক, ৫ জুন : আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অর্থনৈতিক যুদ্ধৰ ষড়যন্ত্র ৰচিছে চীনে! বিশ্বৰ সমৃদ্ধিশালী দেশখনৰ কৃষি অর্থনীতি সম্পূর্ণৰূপে ধ্বংস কৰাৰ বাবে বিষাক্ত ভেঁকুৰ প্রেৰণ কৰিছে চীনে৷ শেহতীয়াকৈ ভয়াৱহ ভেঁকুৰ তথা কাঠফুলা লগত লৈ অহা চীনৰ বিজ্ঞানী গ্রেপ্তাৰ হৈছে আমেৰিকাত৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা গৈছে যে কোনো দেশৰ অর্থনীতিত মোক্ষম আঘাত হানিবলৈ এই ভেঁকুৰ তথা কাঠফুলা অতি ভয়াৱহ মাৰণাস্ত্র৷

সমগ্র ঘটনা সন্দর্ভত চীনৰ বিৰুদ্ধে ‘কৃষি সন্ত্রাস’ৰ অভিযোগ আনিছে আমেৰিকাই৷ আমেৰিকাৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে এই মাৰণ ভেঁকুৰ দেশখনলৈ সৰবৰাহৰ চক্রান্তত জড়িত হৈ আছে এক চীনা দম্পতী৷ এই চীনা দম্পতী হৈছে ৩৩ বছৰ বয়সীয়া ইউনকিং জিয়ান আৰু ৩৪ বছৰ বয়সীয়া জুনিয়ং লিউ৷ মার্কিন বিশ্ববিদ্যালয়ত গৱেষণাৰত জিয়ানলৈ এই ভেঁকুৰ আৰু কাঠফুলা প্রেৰণ কৰিছে লিউৱে৷ দুয়োৰে বিৰুদ্ধে ষড়যন্ত্র, চোৰাং সৰবৰাহ, মিথ্যা বিবৃতি আৰু ভিছা জালিয়াতিৰ অভিযোগ অনা হৈছে৷ ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে জিয়ানক৷ অৱশ্যে লিউ ক’ত আছে সেয়া এতিয়াও জানিব পৰা নাই মার্কিন প্রশাসনে৷ মার্কিন বিচাৰ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে অভিযুক্ত এই দুই চীনা বিজ্ঞানীয়ে ফুচাৰিয়াম গ্রামিনিয়াৰাম নামৰ ভয়ংকৰ কাঠফুলাযুক্ত ভেঁকুৰ আমেৰিকালৈ সৰবৰাহৰ ষড়যন্ত্র কৰিছিল৷

উল্লেখনীয় যে এই ভেঁকুৰবিধ হৈছে ঘেঁহু, বার্লি, মাকৈ আৰু ধানৰ দৰে ফচলৰ ‘হেড ব্লাইট’ ৰোগৰ মূল কাৰণ৷ অর্থাৎ কৃষিক্ষেত্রত এই ভেঁকুৰ মেলি দিলে কোটি কোটি ডলাৰৰ ক্ষতি নিশ্চিত৷ বিচাৰ বিভাগৰ তৰফৰ পৰা এই ঘটনাক আমেৰিকাৰ বিৰুদ্ধে ‘কৃষি সন্ত্রাস’ বুলি অভিহিত কৰা হৈছে৷ লক্ষণীয়ভাৱে উৎপাদিত ফচল, খাদ্য সৰবৰাহ আৰু এই সম্পর্কীয় বাণিজ্যক প্রভাৱিত কৰিবলৈ যেতিয়া জৈৱ, ৰাসায়নিক বা তেজষ্ক্রিয় অস্ত্রৰ সাহায্য লোৱা হয় তেতিয়া তাক ‘কৃষি সন্ত্রাস’ বুলি আখ্যা দিয়া হয়৷ এই সন্ত্রাসৰ অর্থ হৈছে অস্ত্র ব্যৱহাৰ কৰি কোনো দেশৰ ফচল ইচ্ছাকৃতভাৱে নষ্ট কৰা৷ শেহতীয়াকৈ চীনৰ বিজ্ঞানী দম্পতীৰ বিৰুদ্ধে এই ‘কৃষি সন্ত্রাস’ৰ অভিযোগ আনিছে আমেৰিকাৰ বিচাৰ বিভাগে৷

You might also like