নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ নির্বাচনত চ্যু কীৰ এনএলডিৰ বৃহৎ জয়লাভ

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ম্যানমাৰত পুনৰ চৰকাৰ হ’ব আং চান চ্যু কীৰ নেচনেল লীগ ফৰ ডেমক্রেচি (এনএলডি)ৰ চৰকাৰ৷ চলিত নির্বাচনৰ ভোটগণনাত শাসকীয় এনএলডিয়ে চৰকাৰ গঠন কৰিবৰ বাবে প্রয়োজনীয় সংখ্যা ৩২২ অতিক্রম কৰি ইতিমধ্যে ৩৪৬খন আসন লাভ কৰিছে৷ প্রাৰম্ভিক ভোটগণনাতেই চৰকাৰ গঠনৰ প্রয়োজনীয় সংখ্যা অতিক্রম কৰা এনএলডিয়ে চূড়ান্ত ফলাফলক আৰু অধিক আসন লাভ কৰাটো নিশ্চিত৷ আং চান চ্যু কীৰ দলটোৱে সংসদীয় নির্বাচনত জয়ী হোৱা বুলি দাবী কৰাৰ পিছতে সামৰিক বাহিনীৰ পৃষ্ঠপোষক বিৰোধী দলে পুনৰ ভোটগণনাৰ দাবী জনাইছে৷

এনএলডিৰ মুখপাত্র মনিওৱা আং চীনে প্রকাশ কৰা মতে দেশৰ জনতাই তেওঁলোকৰ দলৰ প্রতি জনোৱা সমর্থনৰ বাবে ঐতিহাসিক জয়লাভ কৰিছে৷ ইয়াৰ জৰিয়তে দেশত ৰাষ্ট্রীয় ঐক্যৰ চৰকাৰ এখন গঠন কৰিব৷ উল্লেখ্য যে ২০১৫ চনত চ্যু কীৰ এনএলডিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰি দেশত চৰকাৰ গঠন কৰিছে৷ পুনৰবাৰ চৰকাৰ গঠন কৰাৰ দিশে আগবঢ়াৰ পিছতেই এনএলডিৰ মুৰব্বী আং চান চ্যু কীৰ লগতে নেতৃত্বক অভিনন্দন জ্ঞাপন কৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে

You might also like