পাকিস্তান-ভূটানসহ ৪১ দেশৰ নাগৰিকৰ আমেৰিকা ভ্রমণত নিষেধাজ্ঞা
🔹 ড’নাল্ড ট্রাম্পৰ আন এক বিতর্কিত সিদ্ধান্ত
নিউজ ডেস্ক, ১৬ মার্চ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কার্যকালত আন এক বিতর্কিত সিদ্ধান্ত৷ প্রথমটো কার্যকালত ৰাষ্ট্রপতি ট্রাম্পে সাত মুছলিম সংখ্যাগুৰু দেশৰ নাগৰিকৰ ভ্রমণত নিষেধাজ্ঞা বলৱৎ কৰাৰ পিছত এইবাৰ ট্রাম্পে ৪১খন দেশৰ নাগৰিকৰ মার্কিন ভ্রমণত নিষেধাজ্ঞা জাৰিৰ পৰিকল্পনা কৰিছে৷ কিছুদিন পূর্বে পাকিস্তানৰ কূটনীতিকক আমেৰিকা যুক্তৰাষ্ট্রত প্রৱেশত অনুমতি নিদি বিমানবন্দৰৰ পৰাই ওভতাই পঠিওৱাৰ পিছত ৰাষ্ট্রপতি ট্রাম্পৰ এই বিতর্কিত সিদ্ধান্তই ব্যাপক চর্চা লাভ কৰিছে৷ অবৈধ প্রব্রজনকাৰীক উৎখাতৰ কঠোৰ পদক্ষেপ গ্রহণ কৰা ড’নাল্ড ট্রাম্পৰ চৰকাৰে এইবাৰ ৪১খন দেশৰ নাগৰিকৰ মার্কিন ভ্রমণত নিষেধাজ্ঞা জাৰি কৰিব৷ ইতিমধ্যে ৪১খন দেশৰ তালিকা চূড়ান্ত কৰা হৈছে৷ আন্তর্জাতিক সংবাদ সংস্থাই প্রকাশ কৰা দেশসমূহৰ খচৰা তালিকা অনুসৰি এই তালিকাত পাকিস্তান, আফগানিস্তান আৰু ভূটানো আছে৷ তালিকাত তুর্কমেনিস্তান, বেলাৰুছ, ভানাটুও আছে৷ লক্ষণীয় যে ৰাষ্ট্রপতি ট্রাম্পৰ ভিছা বাতিলৰ তালিকা অনুসৰি ৰেড লিষ্টত আছে আফগানিস্তান, কিউবা, ইৰান, লিবিয়া, উত্তৰ কোৰিয়া, ছোমালিয়া, ছুডান, ছিৰিয়া, ভেনিজুৱেলা আৰু য়েমেন৷ তেনেদৰে দ্বিতীয় তালিকাত আছে ইৰিট্রেয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ ছুডান৷ মন কৰিবলগীয়া যে যোৱা ২০ জানুৱাৰীত দ্বিতীয়টো কার্যকাল অর্থাৎ ৪৭সংখ্যক মার্কিন ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই ড’নাল্ড ট্রাম্পে বিশ্বক চমকিত কৰা কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রব্রজন নীতিৰ পৰা মার্কিন নাগৰিকত্বৰ উপৰি শুল্কৰ ক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰিছে ৰাষ্ট্রপতি ট্রাম্পে৷ এই বিতর্ক চলি থকাৰ মাজতে পুনৰ ট্রাম্পে ৪১খন দেশৰ নাগৰিকৰ মার্কিন ভ্রমণত নিষেধাজ্ঞাৰ বিতর্কিত সিদ্ধান্ত পোহৰলৈ আহিছে৷