প্রশিক্ষক-অধিনায়ক সংঘাত, ড্রেছিং ৰুমৰ অশান্তিয়েই বিপর্যয়ৰ কাৰক
নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ২৭ বছৰৰ পিছত পাকিস্তানৰ মাটিত অনুষ্ঠিত হৈছে আইচিচি চেম্পিয়নছ ট্রফী৷ কিন্তু এই মেগা প্রতিযোগিতাখনত মাত্র ৪ দিনতে অভিযান শেষ হ’ল আয়োজক দেশখনৰ৷ পাকিস্তান দলৰ এই বিপর্যয়ৰ আঁৰৰ কাৰণ হ’ল ড্রেছিং ৰুমৰ অশান্তি আৰু প্রশিক্ষক–অধিনায়ক সংঘাত৷ ক্ষমতাক লৈ দুয়োজনৰ মাজত চলিছে সংঘাত৷ অৱশ্যে এই সকলো কথা অস্বীকাৰ কৰিছে পাকিস্তান দলটোৰ অন্তর্ৱর্তীকালীন প্রশিক্ষক আকিব জাভেদে৷ সংবাদ মাধ্যমৰ সূত্রই দাবী কৰিছে যে চেম্পিয়নছ ট্ৰফীৰ পূর্বে পাকিস্তান শিবিৰত অশান্তিৰ সৃষ্টি হৈছিল৷ অন্তর্ৱর্তীকালীন প্রশিক্ষক আকিব জাভেদ আৰু অধিনায়ক মহম্মদ ৰিজৱানে দলটোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত কোনে ল’ব তাক লৈ সংঘাত আৰম্ভ হয়৷ দুয়োজনে সকলো ক্ষমতা নিজৰ হাতত ৰাখিব বিচাৰিছিল৷ দল নির্বাচনৰ পৰা আৰম্ভ কৰি মূল একাদশ নির্বাচনলৈকে প্রশিক্ষক জাভেদে ৰিজৱানৰ মতামতক কোনো গুৰুত্ব দিয়া নাছিল৷ আনকি একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পিছত ড্রেছিং ৰুমত ছিনিয়ৰ বেটাৰক ককর্থনা কৰিছিল৷ অৱশ্যে এই কথা আকিব জাভেদে সম্পূর্ণৰূপে অস্বীকাৰ কৰিছে৷ তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে, মই ক্রিকেটাৰক সন্মান কৰোঁ৷ মই কাকো ককর্থনা নকৰোঁ৷ শিক্ষকে ছাত্র–ছাত্রীক ধমকি, আনকি প্রহাৰো কৰে৷ কিন্তু মই প্রশিক্ষক হিচাপে তেনেকুৱা নকৰোঁ৷ ক্রিকেটাৰসকলক মই সন্মান কৰোঁ৷ নিজৰ ইচ্ছামতে অনুশীলন কৰে৷ আচলতে প্রশিক্ষকে কেৱল ক্রিকেটাৰক সহায়হে কৰিব পাৰে৷ সমস্যাটো হ’ল এই কথা কোৱাৰ পাছত আকিবে পুনৰ ক্রিকেটাৰসকলৰ অর্হতাক লৈ প্রশ্ন উত্থাপন কৰিছে৷ তেওঁ লগতে কয় যে সামগ্রিকভাৱে ক্রিকেটত আমাক উন্নতিৰ প্রয়োজন৷ য’ত ২৫০ ৰানৰ প্রয়োজন আমি তাত ১২০–১৫০ কৰি আছো৷ দৰাচলতে সামগ্রিকভাৱে পাকিস্তান ক্রিকেটত বর্তমান এক অচলাৱস্থা৷ ফলত পাকিস্তান ক্রিকেটত জৰুৰী পৰিৱর্তনৰ আহ্বান জনোৱা হৈছে৷ মন কৰিবলগীয়া যে চলিত চেম্পিয়নছ ট্রফীত পাক দলটোৰ হতাশাজনক প্রদর্শনৰ পিছত দলটোৰ প্রশিক্ষক, প্রশিক্ষক–কর্মচাৰী সকলো সলনি সম্ভাৱনা আছে৷ অন্তর্ৱর্তীকালীন প্রশিক্ষক আকিব জাভেদেও চাকৰি হেৰুৱাব পাৰে৷ চেম্পিয়নছ ট্ৰফী শেষ হোৱাৰ পিছত সিদ্ধান্ত লোৱা হ’ব৷ পাকিস্তানী ক্রিকেটত প্রশিক্ষক সলনি কৰাটো এতিয়া নিয়মত পৰিণত হৈছে৷ যোৱা এবছৰত ৫জন প্রশিক্ষক আহিছে আৰু গৈছে৷ খবৰ অনুসৰি আকিব জাভেদ আৰু তেওঁৰ সহায়কসকলৰ ক্ষেত্রতো একেহ হোৱাৰ সম্ভাৱনা আছে৷