নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰম্পৰা ভংগৰ পথত প্রশিক্ষক গৌতম গম্ভীৰ

🔹 দ্রাবিড় বা শাস্ত্রী যুগত নাছিল এই নিয়ম

নিউজ ডেস্ক, ১৬ মার্চ : ৰাহুল দ্রাবিড় অথবা ৰবি শাস্ত্রীয়েও কৰা নাছিল৷ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে পৰম্পৰা ভাঙি সেই পথত আগবাঢ়িবলৈ ওলাইছে৷ বর্তমান চেম্পিয়নছ ট্ৰফীৰ পিছত আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা আঁতৰি আছে ভাৰতীয় দলটো৷ জুন মাহত ইংলেণ্ড ভ্রমণ কৰিব টীম ইণ্ডিয়াই৷ ইয়াৰ পূর্বে ভাৰতীয় দলটোৰ মুখ্য প্রশিক্ষকগৰাকীয়ে এক অভিনৱ পদক্ষেপ ল’বলৈ ওলাইছে৷ সমাগত আইপিএল৷ তাৰ পিছত ভাৰতীয় দলৰ ইংলেণ্ড ভ্রমণ৷ অষ্ট্রেলিয়া ভ্রমণত গম্ভীৰৰ পূর্বৰ অভিজ্ঞতা ভাল নাছিল৷ এইবাৰ ইংলেণ্ডৰ শৃংখলাৰ আগে আগে যাব ভাৰতীয় ‘এ’ দল৷ গম্ভীৰে উক্ত দলৰ সৈতে ইংলেণ্ডলৈ যাব৷ বিগত কেইবছৰমানৰ পৰা বিচিচিআয়ে সাধাৰণতে এ দল বা ১৯ বছৰ অনূর্ধ্ব দল ভ্রমণৰ বাবে ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ পৰা এজন প্রশিক্ষক পঠিয়াইছে৷ দ্রাবিড় বা শাস্ত্রী যুগত এনেকুৱাই হৈছিল৷ কিন্তু জনা গৈছে যে এইবাৰ গম্ভীৰে নিজেই দলটোৰ সৈতে ইংলেণ্ড ভ্রমণলৈ যাব বিচাৰিছে৷ অৱশ্যে তেওঁ তাত প্রশিক্ষক হ’ব নে কেৱল পৰিদর্শক হিচাপে যাব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, অষ্ট্রেলিয়াৰ পৰা উভতি অহাৰ পিছত গম্ভীৰে এই সন্দর্ভত ব’ৰ্ডৰ সৈতে কথা পাতিছিল৷ ৰিজার্ভ দলটোৰ লগত গৈ চাব বিচাৰিছিল যে দলটো কিমান শক্তিশালী৷ চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত গম্ভীৰে নতুন ক্রিকেটাৰক আনিব বিচাৰিছে৷ ভৱিষ্যতে ভাৰতীয় দলৰ বাবে কোন হ’ব সম্পদ?

You might also like