নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিয়াৰ বাবে গ্রেপ্তাৰ কলম্বিয়া ফুটবল ফেডাৰেচনৰ সভাপতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুলাইঃ সদ্য সমাপ্ত কোপা আমেৰিকাৰ ফাইনেলত সৃষ্টি হৈছিল বিশৃংখল পৰিস্থিতিৰ৷ মিয়ামিৰ হার্ডৰক ষ্টেডিয়ামত ফাইনেল আৰম্ভ হোৱাৰ পূর্বে বহু দর্শকে টিকট অবিহনে ষ্টেডিয়ামত প্রৱেশ কৰিবলৈ চেষ্টা কৰিছিল৷ এই অপ্রীতিকৰ পৰিস্থিতিৰ বাবে বহু লোক আহত হয়৷ ঘটনা সন্দর্ভত ২৫জন লোকক গ্রেপ্তাৰ কৰা হয়৷ কলম্বিয়াৰ ফুটবল ফেডাৰেচনৰ সভাপতি আৰু তেওঁৰ পুত্রকো গ্রেপ্তাৰ কৰা হৈছে৷ স্থানীয় আৰক্ষীৰ মতে, কলম্বিয়াৰ ফুটবল মুৰব্বী ৰেমন জেচুৰুন আৰু তেওঁৰ পুত্র হামিল জেচুৰুনে নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷ দুয়োজনে জোৰ– জৱৰদস্তী কৰি ষ্টেডিয়ামত প্রৱেশ কৰিব বিচাৰিছিল৷ কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ষ্টেডিয়ামত প্রৱেশ কৰিবলৈ নিদিয়াত হামিলে নিৰাপত্তাৰক্ষীক ঘোচা মাৰে৷ ২০১৫ চনৰ পৰা ৰেম’নে কলম্বিয়া ফুটবলৰ সভাপতি হিচাপে কাম কৰি আহিছে৷ মন কৰিবলগীয়া যে তেওঁ কোপা আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ফুটবল গভর্নিংব’ডীৰ আয়োজক কনমেবলৰ উপ–সভাপতি৷ আনকি, তেওঁ ফিফা কাউন্সিলৰ সদস্যও৷ কিন্তু গোটেই কথাটো যিদৰে আগবাঢ়িছে, বহুতে আমেৰিকাত প্রতিযোগিতাখন আয়োজন কৰাৰ ব্যর্থতাৰ কথা উত্থাপন কৰিছে৷ ২০২৬ চনত বিশ্বকাপ আয়োজনৰ বাবে আমেৰিকাই যৌথভাৱে দায়বদ্ধ৷ ইতিমধ্যে তেওঁৰ মেনেজমেণ্টক লৈ প্রশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য যে বিশৃংখল পৰিস্থিতিৰ বাবে কোপা আমেৰিকাৰ ফাইনেল মেচখন প্রায় ৮০ মিনিট পলমকৈ আৰম্ভ হৈছিল৷

You might also like