নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কমিল ৬৯.৫০ টকা

বিশেষ বাৰ্তা, ১ জুন : মাহটোৰ আৰম্ভণিতেই ৰন্ধন গেছৰ দাম হ্রাস পাইছে৷ আজিৰে পৰা ১৯ কিলোগ্রাম ওজনৰ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ দাম হ্রাস পাইছে ৬৯.৫০ টকা৷ ইয়াৰ ফলত কিছু হ’লেও সকাহ লাভ কৰিব ব্যৱসায়ীসকলে৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি, আজিৰে পৰা কার্যকৰী হ’ব এই নতুন ব্যৱস্থা৷ দেশৰ বিভিন্ন চহৰত ৬৯.৫০ টকাকৈ হ্রাস পালে এই চিলিণ্ডাৰৰ দাম৷ অর্থাৎ দিল্লীত ১৯ কেজিৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম এতিয়াৰে পৰা হ’ল ১,৬৭৬ টকা৷ সেইদৰে কলকাতাত এই চিলিণ্ডাৰৰ দাম ১,৭৭৯.৫০ টকালৈ হ্রাস পালে৷ মুম্বাইত এই চিলিণ্ডাৰৰ দাম ১,৬২৯ টকা৷ চেন্নাইত ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১,৮৪১.৫০ টকালৈ হ্রাস পাইছে৷ অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম অপৰিৱর্তিত হৈ থাকিব৷

You might also like