নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক চিলিণ্ডাৰৰ দাম পুনৰ বাঢ়িল ২২.৫০ টকা 

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ লগে লগে বাণিজ্যিক গেছৰ প্রতিটো চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি পালে৷ এইবাৰ ১৯ কেজিৰ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ২২.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ আজিৰে পৰা এই নতুন মূল্য বলৱৎ হৈছে৷ পৰহি ৰাষ্ট্রীয় খণ্ডৰ পেট্র’লিয়াম সংস্থা ইণ্ডিয়ান অইলৰ তৰফৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ কথা সদৰী কৰা হৈছে৷ অৱশ্যে ঘৰুৱা চিলিণ্ডাৰৰ গেছৰ দাম বৃদ্ধি কৰা হোৱা নাই৷ উল্লেখনীয় যে পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ পিছতে বাণিজ্যিক চিলিণ্ডাৰৰ দামবৃদ্ধি পাব বুলি এক সূত্রই সদৰী কৰিছিল৷

You might also like