নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে কমিটী গঠন

বিশেষ বাৰ্তা, ১০ জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰই ৰাজ্যপালৰ নেতৃত্বত মণিপুৰত এখন সমিতি গঠন কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি নিৰ্মাণ প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে সংঘাতপূৰ্ণ পক্ষৰ মাজত আলোচনাৰ সূচনা কৰিছে। শান্তি সমিতিৰ সদস্যসকলৰ ভিতৰত মুখ্যমন্ত্রী, দুই-এজন মন্ত্রী, সাংসদ, বিধায়ক, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু নাগৰিক সমাজৰ নেতা আছে বুলি জানিবলৈ দিয়ে ৷ “ভাৰত চৰকাৰে মণিপুৰৰ ৰাজ্যপালৰ অধ্যক্ষতাত মণিপুৰত ‘শান্তি সমিতি’ গঠন কৰিছে। সমিতিৰ সদস্যসকলৰ ভিতৰত মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ দুই-এজন মন্ত্ৰী, সাংসদ, বিধায়ক আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা আদিও আছে।”- গৃহ মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ। ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত শান্তি নিৰ্মাণ প্ৰক্ৰিয়া সুচল কৰা, সংঘাতপূৰ্ণ পক্ষ-গোষ্ঠীৰ মাজত শান্তিপূৰ্ণ আলোচনা আৰু আলোচনাৰ সূচনা কৰা এই সমিতিৰ দায়িত্ব হ’ব বুলি জানিবলৈ দিয়ে। এই সমিতিখনে সামাজিক সংহতি, পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আন্তৰিক যোগাযোগৰ সুবিধা প্ৰদান কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে প্ৰাক্তন চৰকাৰী কৰ্মচাৰী, শিক্ষাবিদ, সাহিত্যিক, শিল্পী, সমাজকৰ্মী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৯ মে’ৰ পৰা ১ জুনলৈ মণিপুৰ ভ্ৰমণ কৰিছিল আৰু পৰিস্থিতিৰ বুজ লৈ শান্তি সমিতি গঠনৰ কথা ঘোষণা কৰিছিল।

You might also like