জ’ বাইডেনক অভিনন্দন বেইজিঙৰ
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ অৱশেষত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনত বিজয়ী দেশখনৰ পৰৱর্তী ৰাষ্ট্রপতি জ’ বাইডেনক অভিনন্দন জনালে চীনে৷
আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে সংঘাতত লিপ্ত থকা চীনে বাইডেনক ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱা বুলি মানি নলৈ এইক্ষেত্রত সম্পূর্ণৰূপে নীৰৱ হৈ থকাৰ পাছত অৱশেষত অভিনন্দন জনাবলৈ বাধ্য হ’ল৷ নির্বাচনত বিজয়ী বুলি ঘোষিত বাইডেনক আমেৰিকাবাসীৰ পছন্দ বুলি সন্মান জনাই চীনে অভিনন্দন জনাইছে৷
বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৱাং ৱেনবিনে নিয়মীয়া সংবাদ মেলত জ’ বাইডেনৰ লগতে উপ–ৰাষ্ট্রপতি পদত বিজয়ী কমলা হেৰিছকো অভিনন্দন জ্ঞাপন কৰে৷ তাৎপর্যপূর্ণ যে বিশ্বৰ বিভিন্ন দেশে বাইডেনৰ জয়ক মানি লৈ অভিনন্দন জনালেও চীন, ৰাছিয়া আৰু মেক্সিকোৱে অভিনন্দন জনোৱা নাছিল৷