কংগ্ৰেছ মানে লুটপাতৰ দোকান, মিছাৰ বজাৰ : নিৰ্বাচনমুখী ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদী
বিশেষ বাৰ্তা, ৮ জুলাই : শনিবাৰে নিৰ্বাচনমুখী ৰাজস্থানৰ বিকানেৰত ৰাজহুৱা ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছ প্ৰেমৰ দোকান নহয়, বৰঞ্চ কংগ্ৰেছ হ’ল লুটপাতৰ দোকান, মিছাৰ বজাৰ। উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত বিজেপিক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ আহিছে বুলি কৈছিল। সেই বক্তব্য কংগ্ৰেছৰ মোদীবিৰোধী প্ৰচাৰৰ অন্যতম আহিলা হৈ পৰিছে। উল্লেখ্য যে কেইমাহমানৰ পিছত ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাজস্থানৰ বিকানেৰত ৰাজহুৱা ভাষণ দি মোদীয়ে দাবী কৰে যে কংগ্ৰেছ চৰকাৰৰ নীতিৰ বাবে ৰাজস্থানৰ কৃষকসকলৰ অৱস্থা ভাল নহয়। তেওঁ কয়- যোৱা ৪ বছৰত কংগ্ৰেছৰ নেতা-মন্ত্ৰীসকল নিজৰ মাজতে যুদ্ধত ব্যস্ত আছে। ৰাজ্যৰ বাবে একো নকৰিলে। ৰাজস্থানৰ জনসাধাৰণৰ বাবে কেন্দ্ৰীয় আঁচনি আছে যদিও ৰাজ্য চৰকাৰে সেই আঁচনি ৰূপায়ণ কৰিব পৰা নাই। বিজেপিয়ে নাগৰিকক লাভৱান্বিত কৰাৰ পৰিকল্পনা কৰে, কংগ্ৰেছে ৰাজ্যৰ জনসাধাৰণৰ ক্ষতি কৰে।