নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীত এদিনত ক’ৰোনাত আক্রান্ত ৫০ সহস্রাধিক

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ প্রথমবাৰৰ বাবে জার্মানীত ২৪ ঘণ্টাত ক’ৰোনাত আক্রান্ত হৈছে ৫০ সহস্রাধিক লোক৷ দেশখনৰ স্বাস্থ্য বিভাগে প্রকাশ কৰা মতে বৃহস্পতিবাৰে ক’ৰোনাত আক্রান্ত হৈছে ৫০,১৯৬জন৷ মহামাৰী ক’ভিড–১৯ প্রাদুর্ভাৱ ঘটাৰ পাছত প্রথমবাৰৰ বাবে জার্মানীত ৫০ হাজাৰৰো অধিক লোক এদিনত আক্রান্ত হোৱাক লৈ উদ্বিগ্ন হৈছে দেশৰ চৰকাৰ৷ বিদায়ী চেঞ্চেলৰ এঞ্জেলা মার্কেলে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ কয় যে নতুন শক্তিৰে মহামাৰী উভতি আহিছে৷ হাস্পতালসমূহত আক্রান্ত ৰোগীৰ ভিৰ বৃদ্ধি পাইছে৷

মন কৰিবলগীয়া যে জার্মানীত ক’ভিড–১৯ টিকাকৰণ অতি লেহেমীয়া হৈছে৷ বর্তমানলৈ মাত্র ৬৭ শতাংশকহে টিকাকৰণ কৰা হৈছে৷ দেশখনৰ সর্বাধিক ক্ষতিগ্রস্ত অঞ্চলৰ ভিতৰত আছে ছেক্সনি বেভাৰিয়া আদি৷ ক’ভিড প্রাৰম্ভৰে পৰা দেশখনত এতিয়ালৈকে ৪.৯ নিযুত লোক আক্রান্ত হৈছে৷

You might also like