নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ নির্মূল কৰিব পাৰে অ’জনে

জাপানৰ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দাবী

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ  বিশ্বব্যাপী সংহাৰী ৰূপ লোৱা ক’ভিড–ৰ৯ নির্মূল কৰাৰ ক্ষেত্রত বিজ্ঞানীয়ে বিভিন্ন কাৰক দাবী কৰি আহিছে৷ শেহতীয়াভাৱে জাপানৰ বিজ্ঞানীয়ে অ’জনৰ নিম্ন গাঢ়তাই মহামাৰী ক’ৰোনা ভাইৰাছ নির্মূল কৰিব পাৰে বুলি মন্তব্য কৰিছে৷ ফুজিটা স্বাস্থ্য বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে এখন সংবাদ মেলত উল্লেখ কৰা মতে, অ’জন গেছৰ গাঢ়তা প্রতি নিযুতত ০.০৫ৰ পৰা ০.১ অংশ থাকিলে ইয়ে মানৱ স্বাস্থ্যৰ হানি নকৰে, কিন্তু ক’ৰোনা ভাইৰাছক হত্যা কৰিব পাৰে৷

বিজ্ঞানীৰ দলটোৱে ক’ৰোনা ভাইৰাছৰ নমুনা এটা বন্ধ কোঠাত ৰাখি তাৰ ভিতৰত অ’জনৰ উল্লেখিত মাত্রা দি পৰীক্ষাৰ অন্তত ক’ৰোনা ভাইৰাছ নির্মূল কৰিব পাৰে বুলি প্রমাণ লাভ কৰে৷ ৰ০ ঘণ্টা ধৰি এনে অ’জনৰ মাজত ভাইৰাছটোক ৰাখিলে ৯০ শতাংশতকৈ অধিক ভাইৰাছবিধ নিম্নগামী হয়৷ উল্লেখ্য যে জাপানে ইতিমধ্যে চিকিৎসালয়কে ধৰি ৰোগীৰ জিৰণি গৃহত অ’জনৰ এনে প্রক্রিয়া আৰম্ভ কৰিছে৷

You might also like