নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি চাৰি ৰাজ্যত ভোটগণনা : দেশজুৰি তীব্র উৎকণ্ঠা

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : ২০২৪ৰ লোকসভা নির্বাচনৰ পূর্বে আজি ছেমিফাইনেলৰ ফলাফল৷ কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বাবে এয়া অগ্নিপৰীক্ষা, ঠিক তেনেদৰে বিজেপিবিৰোধীৰ বাবেও এই ছেমিফাইনেল সন্মান ৰক্ষাৰ যুঁজ৷ অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নির্বাচনৰ পূর্বে চলিত বর্ষত অনুষ্ঠিত হৈ যোৱা ছেমিফাইনেল খ্যাত পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ব৷ নির্বাচন আয়োগে এক সিদ্ধান্তমর্মে উত্তৰ–পূবৰ ৰাজ্য মিজোৰামৰ ভোটগণনা ৪ ডিচেম্বৰলৈ পিছুৱাই দিয়াৰ পৰিপ্রেক্ষিতত আজি ছেমিফাইনেলৰ ফলাফলত মধ্যপ্রদেশ, ৰাজস্থান, ছত্তিশগড় আৰু তেলেংগানাত ভোটগণনা আৰম্ভ হৈছে ৷ ৩০ নৱেম্বৰত তেলেংগানাত ভোটগ্রহণ সম্পন্ন হৈ যোৱাৰ পিছতে দেশৰ ৰাষ্ট্রীয় সংবাদ মাধ্যম আৰু কেইবাটাও নির্বাচনী সমীক্ষা চলোৱা প্রতিষ্ঠানৰ এগজিট প’লৰ সম্ভাৱনাক লৈ ইতিমধ্যে দেশজুৰি তীব্র উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ পাঁচখন ৰাজ্যৰ ভিতৰত আজি ঘোষণা হ’বলগীয়া চাৰিখন ৰাজ্যৰ নির্বাচনী ফলাফলত বিজেপি জয়ী হ’ব নে কংগ্রেছ জয়ী হ’ব, তাক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে৷ এগজিট প’ল মতে, মধ্যপ্রদেশত শাসকীয় বিজেপিৰ সম্ভাৱনা, ছত্তিশগড়ত শাসকীয় কংগ্রেছ, ৰাজস্থানত শাসকীয় কংগ্রেছৰ স্থানত বিজেপিৰ সম্ভাৱনা আৰু তেলেংগানাত শাসকীয় বিআৰএছৰ বিপৰীতে কংগ্রেছৰ তীব্র সম্ভাৱনা আছে৷ ইয়াকে লৈ দেশৰ ৰাজনৈতিক মহলত এতিয়া চলিছে এই ছেমিফাইনেলত কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে শেষ হাঁহি মাৰিব নে বিৰোধী কংগ্রেছে উত্তৰণ ঘটি শেষ হাঁহি মাৰিব৷ আজি পুৱা ৮ বজাৰ পৰা ৪খন ৰাজ্যত ভোটগণনাৰ বাবে ইতিমধ্যে দেশৰ নির্বাচন আয়োগে নিশ্ছিদ্র নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰিছে৷ মধ্যপ্রদেশৰ ২৩০টা বিধানসভা সমষ্টিত পুৱাৰে পৰা ভোটগণনা আৰম্ভ হৈছে ৷ তেনেদৰে ৰাজস্থানৰ ২০০টা সমষ্টিৰ ভিতৰত নির্বাচন অনুষ্ঠিত হোৱা ১৯৯টা সমষ্টিত পুৱাৰে পৰা ভোটগণনা আৰম্ভ হৈছে ৷ আনপিনে, ছত্তিশগড়ৰ ৭০টা বিধানসভা সমষ্টি আৰু তেলেংগানাৰ ১১৯টা বিধানসভা সমষ্টিৰ ভোটগণনা হৈ আছে ৷ আজিৰ ভোটগণনাত মধ্যপ্রদেশৰ বিজেপি মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ ভাগ্য নির্ণয় হ’ব৷ ৰাজ্যখনত কংগ্রেছৰ প্রাক্তন মুখ্যমন্ত্রী কমল নাথৰ ভাগ্যও নির্ণয় হ’ব৷ আনপিনে ৰাজস্থানত শাসকীয় কংগ্রেছৰ অশোক গেহলটে পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ব নে বিজেপিয়ে চৰকাৰ গঠন কৰিব, তাক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে৷ ছত্তিশগড়ত কংগ্রেছৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ব নে আন কোনোবাই এই গাদী দখল কৰিব৷ বিআৰএছশাসিত তেলেংগানাত মুখ্যমন্ত্রী কে চি ৰাও পুনৰ ক্ষমতালৈ আহিব নে কংগ্রেছে এই ৰাজ্যখন নিজৰ অধীনলৈ নিব, দিনৰ ২ বজাৰ পিছত সকলো স্পষ্ট হৈ পৰিব৷ এগজিট প’লৰ সম্ভাৱনা মিলিব নে নিমিলে, সেয়াও আজি ভোটগণনাত ওলাই পৰিব৷

You might also like