নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ১৯-এ ভাৰতীয় মানুহৰ আয়ুস হ্রাস কৰিলে ২.৬ বছৰ

🔹 ‘জার্নেল ছায়েঞ্চ এডভাঞ্চ’ত প্রকাশিত প্রতিবেদনক লৈ অসন্তুষ্টি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ

বিশেষ বাৰ্তা, ২১ জুলাই : ক’ভিড–১৯ মহামাৰীৰ পাছত ভাৰতীয় মানুহৰ আয়ুস ২.৬ বছৰ হ্রাস পাইছে৷ জার্নেল ছায়েঞ্চ এডভাঞ্চত প্রকাশিত অধ্যয়নৰ প্রতিবেদনত ভাৰতীয় মানুহৰ আয়ুস ক’ভিড–১৯ৰ পাছত হ্রাস পোৱা বুলি উল্লেখ কৰা তথ্যক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ ২০২০ চনৰ পাছত ভাৰতীয় মানুহৰ আয়ুস হ্রাস পোৱা বুলি প্রকাশিত প্রতিবেদন অসমর্থনীয় আৰু অগ্রহণযোগ্য বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্রালয়ে৷ প্রতিবেদনত প্রকাশ পোৱা মতে, ২০১৯ আৰু ২০২০ চনৰ মাজত ভাৰতত মানুহে ২.৬ বছৰ আয়ুস হেৰুৱাইছে৷ এইক্ষেত্রত সামাজিকভাৱে বঞ্চিত লোক বিশেষকৈ মুছলিম আৰু জনজাতীয় লোকে আয়ুস হেৰুৱাইছে অধিক৷ মহিলাই পুৰুষতকৈ অধিক হেৰুৱাইছে৷ মহিলাই হেৰুৱাইছে পুৰুষৰ ২.১ বছৰৰ বিপৰীতে ৩.১ বছৰ৷ প্রতিবেদনত প্ৰকাশিত তথ্যক লৈ অসন্তুষ্টি ব্যক্ত কৰি স্বাস্থ্য মন্ত্রালয়ে কয় যে প্রতিবেদন প্রস্তুত কৰা দলটোৱে ১৪খন ৰাজ্যৰ মাত্র ২৩ শতাংশ পৰিয়ালৰ নমুনাৰ আধাৰতে কৰিছে৷ এই ২৩ শতাংশৰ দ্বাৰা সমগ্র দেশখনৰ মানুহৰ মৃত্যুৰ হাৰ কিদৰে নিৰূপণ কৰিব, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ মৃত্যুৰ পঞ্জীয়নৰ সমীক্ষা প্রতিবেদন প্রস্তুত কৰোঁতাসকলে যিদৰে বিশ্লেষণ কৰিছে, সেয়াও গ্রহণযোগ্য নহয়৷

You might also like