ঘঁৰিয়ালভর্তি নদীত পৰিল ক্রিকেটাৰ : এসময়ৰ প্রতিদ্বন্দ্বীয়ে ৰক্ষা কৰিলে প্রাণ
নিউজ ডেস্ক, ১০ নৱেম্বৰ : অষ্ট্রেলিয়া ভ্রমণত ব্যস্ত থকা এগৰাকী ক্রিকেটাৰৰ সৈতে শেহতীয়াকৈ ঘটিল এক দুর্ঘটনা৷ এই ঘটনাটো সংঘটিত হৈছিল ডাৰউইনৰ পৰা প্রায় ২০০ কিঃমিটাৰ দক্ষিণে থকা ময়েল নদীত৷ নৈৰ পাৰত বহি মাছ ধৰাৰ সময়তে আকস্মিকভাৱে নদীত পিছলি পৰে ক্রিকেটাৰগৰাকী৷ এই ঘটনাটো এই কাৰণে ভয়ংকৰ বুলি কোৱা হৈছে, কাৰণ সেই নদীখন আছিল ঘঁৰিয়ালৰ বাসস্থান৷ জানিব পৰা মতে, ক্রিকেটাৰগৰাকীয়ে চাৰিদিনীয়া মাছ ধৰা অভিযানৰ অংশ হিচাপে বাহৰ পাতিছিল নদীখনৰ কাষত৷ ক্রিকেটাৰগৰাকীয়ে নাৱত উঠি নদীৰ মাজলৈ যাবলৈ চেষ্টা কৰোঁতে তেওঁ পিন্ধি থকা জোতাযোৰৰ ৰছী নাৱৰ এটা অংশত লাগি ধৰিছিল৷ যাৰ বাবে তেওঁ নাৱৰ পৰা পিছলি গৈ নদীত পৰে৷ ঘঁৰিয়ালৰে পৰিপূর্ণ নদীখনত ক্রিকেটাৰগৰাকী পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় যদিও প্রাণৰক্ষা পৰে৷ ‘মই পানীত ডুবাৰ পূর্বেই উঠি আহিবলৈ সক্ষম হৈছিলোঁ৷ মোৰ আশে–পাশে একাধিক ঘঁৰিয়াল আছিল৷ পানীত কি আছে, সেই বিষয়ে ভাবিবলৈ মোৰ সময় নাছিল৷ সৌভাগ্যক্রমে মোৰ প্রাণৰক্ষা পৰে৷ এয়া কেৱল এটা দুর্ঘটনা আছিল৷ এইটো তাৎক্ষণিকভাৱে ঘটিছিল আৰু এতিয়া মই ভালে আছোঁ।’- ক্রিকেটাৰগৰাকীয়ে দুর্ঘটনাটোৰ পিছত এইদৰে প্রকাশ কৰে৷ অষ্ট্রেলিয়াৰ ময়েল নদীত প্রতি বর্গ কিঃমিটাৰত প্রায় ৫টাকৈ ঘঁৰিয়াল দেখা যায়৷ এই ভয়ংকৰ দুর্ঘটনাৰ সন্মুখীন হোৱা ক্রিকেটাৰগৰাকী হৈছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ ইয়ান ব’থাম৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ সৈতে উপস্থিত আছিল অষ্ট্রেলিয়াৰ প্রাক্তন পেচ বলাৰ মার্ভ হিউজ৷