কাষ্ট্রোৰ নীতি বাদ দি ব্যক্তিগত বাণিজ্যত গুৰুত্ব কিউবাৰ
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ আটলাণ্টিক দ্বীপৰাষ্ট্র কিউবাত সলনি হ’ব ধৰিছে সমাজতান্ত্রিক নীতি৷ দেশখনৰ চৰকাৰ নিয়ন্ত্রিত অর্থনীতিলৈ এতিয়া আহি পৰিছে বিভিন্ন সংস্কাৰ৷ শেহতীয়াকৈ কিউবা চৰকাৰে ঘোষণা কৰিছে যে দেশখনৰ সৰহসংখ্যক উদ্যোগক ব্যক্তিগত বাণিজ্য পৰিচালনাৰ বাবে অনুমতি দিয়া হ’ব৷ মাত্র দুটা দশক পূর্বলৈকে সমাজতন্ত্রৰ নীতি কেতিয়াও পৰিহাৰ কৰা নহ’ব বুলি ঘোষণা কৰিছিল কিউবাই৷
আনকি বিপ্লৱী নেতা ফিডেল কাষ্ট্রোৰ পাছত ভাতৃ ৰাউল কাষ্ট্রো ৰাষ্ট্রপতি হৈ থকাৰ সময়তো সমাজতন্ত্রৰ আদর্শক অক্ষত ৰাখি সম্পদৰ নিয়ন্ত্রণ কেৱল ৰাষ্ট্রৰ হাতত থাকিব বুলি ঘোষণা কৰিছিল কিউবাই৷ কিন্তু ৰাউলে ৰাষ্ট্রপতিৰ দায়িত্বৰ পৰা অৱসৰ লোৱাৰ পিছৰে পৰা কিউবাত লাহে লাহে অর্থনৈতিক সংস্কাৰ আৰম্ভ হৈছে৷ দেশখনৰ শ্রমমন্ত্রী মার্টা এলেনা ফিট’ৱে উল্লেখ কৰিছে যে দেশখনত উদ্যোগৰ সংখ্যা ১২৭ৰ পৰা দুই সহস্রাধিকলৈ সম্প্রসাৰিত হৈছে৷ এই উদ্যোগবোৰৰ অতি সীমিতসংখ্যকহে ৰাষ্ট্রৰ দ্বাৰা সংৰক্ষিত হৈ থাকিব বুলি মন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷
স্মর্তব্য যে ক’ভিড–১৯ মহামাৰী আৰু ট্রাম্প প্রশাসনে আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত কিউবাৰ অর্থনীতি ভয়াৱহ ক্ষতিৰ সন্মুখীন হৈছে৷ যোৱা বছৰ দেশখনৰ অর্থনীতি ১১ শতাংশ হ্রাস পাইছিল৷ বিগত তিনি দশকৰ ভিতৰত দেশখনৰ অর্থনীতি সংকটৰ সন্মুখীন হোৱা বছৰটো আছিল ২০২০৷ গতিকে আর্থিক নীতি সলনি কৰি নতুন সংস্কাৰ নীতি গ্রহণ কৰিবলগীয়া হৈছে কিউবাই৷ মন্ত্রী ফিট’ৱে উল্লেখ কৰা অনুসৰি কিউবাত চৰকাৰৰ দ্বাৰা নিয়ন্ত্রণ হৈ থাকিব মাত্র ১২৪টা উদ্যোগ৷ লক্ষণীয়ভাৱে দেশখনৰ মুঠ কর্মশক্তিৰ ৬ লাখ লোকে এতিয়া ব্যক্তিগত খণ্ডত যোগদান কৰাৰ সুযোগ লাভ কৰিব৷