পাকিস্তানৰে ক্রিকেট-ৰ সকলো সম্পর্ক বিচ্ছিন্ন কৰক
সন্ত্রাসবাদ সহ্য কৰা নহ’ব : সৌৰভ গাংগুলী
নিউজ ডেস্ক, ২৭ এপ্রিল : পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰ আক্রমণৰ পিছত পাকিস্তান-ৰ সৈতে ভাৰতৰ ক্রিকেটৰ সকলো সম্পর্ক বিচ্ছিন্ন কৰিব লাগে৷ এই দাবী ভাৰতৰ প্রাক্তন অধিনায়ক তথা বিচিচিআইৰ প্রাক্তন সভাপতি সৌৰভ গাংগুলীৰ৷ সৌৰভ গাংগুলীয়ে স্পষ্টকৈ কয় যে প্রতি বছৰে একেটা ঘটনাই সংঘটিত হৈ আহিছে৷ আৰু সহ্য কৰা নহ’ব৷ পেহেলগাম আক্রমণৰ পিছত ক্রিকেট সমাজৰ এটা অংশই পাকিস্তানৰ সৈতে ক্রিকেটৰ সকলো সম্পর্ক বিচ্ছিন্ন কৰিবলৈ জনোৱা দাবীক সমর্থন জনাই সংবাদ প্রতিষ্ঠানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে ১০০ শতাংশই পাকিস্তানৰ সৈতে ক্রিকেটৰ সম্পর্ক বিচ্ছিন্ন কৰা উচিত৷ এইবাৰ কঠোৰ ব্যৱস্থা ল’ব লাগিব৷ পাকিস্তানৰ সৈতে ক্রিকেট সম্পর্ক বিচ্ছিন্ন কৰিবলৈ গাংগুলীয়ে দাবী উত্থাপন কৰাৰ লগে লগে কঠোৰ ব্যৱস্থা গ্রহণৰ বাবে বিচিচিআইৰ ওপৰত কিছু হেঁচা পৰিব৷ অৱশ্যে সংবাদ প্রতিষ্ঠানৰ দাবী অনুসৰি বিচিচিআয়ে পাকিস্তানৰ সৈতে ক্রিকেট সম্পর্ক বিচ্ছিন্ন কৰাৰ উদ্যোগ লৈছে৷ অদূৰ ভৱিষ্যতে পাকিস্তানৰ মুখামুখি হ’ব নিবিচাৰে টীম ইণ্ডিয়াই৷ ভাৰতীয় ক্রিকেট ব’র্ডে আইচিচিলৈ পত্র লিখি ভৱিষ্যতে আইচিচিৰ কোনো ইভেণ্টত ভাৰত আৰু পাকিস্তানক একেটা গ্রুপত স্থান নিদিবলৈ অনুৰোধ জনাইছে৷ সৌৰভ গাংগুলীয়ে কয় যে ব’র্ডে যদি এনেকুৱা চিঠি দিছে তেন্তে ভাল কাম কৰিছে৷