নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুকুৰৰ বাবে দুর্ঘটনাত মৃত্যু, ৮ কিঃমিঃ গৈ শোক প্রকাশ ‘প্রভুভক্ত’ৰ

🔹 কর্ণাটকত মানুহৰ বিবেকক জোকাৰি যোৱা মর্মান্তিক ঘটনা

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : যুদ্ধ, হত্যা, ধর্ষণ, ডকাইতি আদিৰ কাৰখানা হৈ পৰিছে সমগ্র পৃথিৱী৷ মানুহতকৈ নৃশংস প্রাণী বিচাৰি পোৱা টান৷ দুঃস্বপ্ণৰ এই অনুভৱক ভাঙি দিয়ে অন্য প্রাণীকুলৰ বিভিন্ন আচৰণে৷ দক্ষিণৰ ৰাজ্য কর্ণাটকত তেনে এক ঘটনা সংঘটিত হৈছে৷ পথৰ কুকুৰ এটাক বচাবলৈ গৈ মৃত্যু হৈছিল বাইক আৰোহী যুৱকৰ৷ মটৰচাইকেলৰ খুন্দাৰ পৰা কুকুৰটোৱে ৰক্ষা পায় যদিও ২১ বছৰীয়া টিপেশ নামৰ যুৱকজনৰ মৃত্যু হয়৷ টিপেশৰ ঘৰ শিৱমোগা জিলাৰ ভদ্রাৱতী গাঁৱত৷ যোৱা ১৬ নৱেম্বৰত এই ঘটনা সংঘটিত হৈছে৷ পথত দুর্ঘটনাত মৃত্যু হোৱা টিপেশৰ দেহ লৈ যোৱা গাড়ীখনৰ পাছে পাছে এই কুকুৰটো দৌৰি যায় শোক প্রকাশ কৰিবলৈ৷ গল্পৰ দৰে কাহিনী যদিও এয়া সত্য৷ টিপেশৰ মাতৃ যশোধাম্মাই উল্লেখ কৰা অনুসৰি কুকুৰটোক প্রথমতে গাঁৱৰ কুকুৰবোৰে টিপেশৰ ঘৰত প্রৱেশ কৰিবলৈ দিয়া নাছিল৷ কিন্তু দহা–কর্মৰ পিছত কুকুৰটো গৈ টিপেশৰ মাতৃৰ হাতৰ ওপৰত শুই পৰে৷ তেতিয়াৰে পৰা কুকুৰটো টিপেশৰ ঘৰতেই আছে৷ দুর্ঘটনাস্থলীৰ পৰা ৮ কিলোমিটাৰ গৈ এনেদৰে কুকুৰটোৱে টিপেশৰ ঘৰত আশ্রয় লোৱা বিষয়টোৱে সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে মর্মান্তিক ঘটনাৰ সাক্ষী কুকুৰটোৱে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এনেদৰে আহি মৃতকৰ ঘৰ পাইছে৷

You might also like