অস্কাৰৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত দীপিকা পাডুকন
বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ৯৫সংখ্যক অস্কাৰৰ মঞ্চৰ পিছত এইবাৰ আন এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেখা যাব বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক। দীপিকাই নিজেই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই খবৰটো জনাইছে। ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ অৰ্থাৎ বাফটা ২০২৪ত দেখা যাব অভিনেত্ৰীগৰাকীক । উক্ত অনুষ্ঠানত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনক উপস্থাপক হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। এই আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ এইবাৰ ৭৭সংখ্যক বছৰ। তাত কেট ব্লাংকেট, ডেইজী এডগাৰ, ডেভিদ বেকহাম, দুয়া লিপা, ইদ্ৰিছ এলবা, লিলি কলিন্সৰ দৰে তাৰকাকো দেখা যাব। এই খবৰটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। ১৮ ফেব্ৰুৱাৰীত লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত হ’ব ৭৭সংখ্যক বাফটা বঁটা প্ৰদান অনুষ্ঠান। ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিয়ে এইবাৰ সৰ্বাধিক মনোনয়ন লাভ কৰিছে।