নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ছ’চিয়েল মিডিয়াত সন্মানহানিকৰ প’ষ্ট ক্ষমাৰ অযোগ্য’

🔹 কঠোৰ বার্তা উচ্চতম ন্যায়ালয়ৰ  : পৰিণতিক লৈ সতর্ক থকা উচিত

বিশেষ বাৰ্তা, ২১ আগষ্ট : ছ’চিয়েল মিডিয়াত প’ষ্ট কৰা অৱমাননাকৰ মন্তব্য অথবা আপত্তিজনক ছবিক লৈ এইবাৰ কঠোৰ বার্তা দিলে উচ্চতম ন্যায়ালয়ে৷ এটা গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ পর্যবেক্ষণত কোৱা হৈছে– ‘ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলেই সাত খুন মাফ হৈ নাযায়৷ ছ’চিয়েল মিডিয়াত কিবা প’ষ্ট কৰা হ’লে তাৰ পৰিণতি সন্দর্ভত সতর্ক থকা উচিত৷’ ২০১৮ চনত তামিলনাডুৰ প্রাক্তন বিধায়ক তথা প্রবীণ অভিনেতা এছ ভি শেখৰৰ বিৰুদ্ধে মহিলা সাংবাদিকক লৈ ছ’চিয়েল মিডিয়াত আপত্তি জনোৱা প’ষ্ট দিয়াৰ অভিযোগ উঠে৷ এই গোচৰৰ পৰা পৰিত্রাণ পাবলৈ মাদ্রাজ উচ্চ ন্যায়ালয়ত আবেদন জনায় শেখৰে৷ কিন্তু যোৱা ১৪ জুলাইত সেই আবেদন খাৰিজ কৰি দিয়ে মাদ্রাজ উচ্চ ন্যায়ালয়ে৷ তাৰ পিছতেই দেশৰ শীর্ষ আদালতৰ দ্বাৰস্থ হয় অভিনেতাগৰাকী৷ শীর্ষ আদালতত গোচৰৰ শুনানিৰ সময়ত শেখৰৰ অধিবক্তাই কয় যে মহিলা সাংবাদিকগৰাকীৰ প্রতি তেওঁৰ যথেষ্ট শ্রদ্ধা আছে৷ ছ’চিয়েল মিডিয়াত প’ষ্ট দিয়া দিনটোৰ ঘটনাৰ উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে বৃদ্ধ অভিনেতাগৰাকীয়ে চকুত ঔষধ লোৱাৰ বাবে ছ’চিয়েল মিডিয়াৰ প’ষ্টত মর্মার্থ বুজিবলৈ সক্ষম হোৱা নাছিল৷ গতিকে একো নুবুজাকৈ অন্য এজনে কৰা প’ষ্ট শ্বেয়াৰ কৰি দিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত৷ গতিকে বৃদ্ধ অভিনেতা শেখৰক গোচৰৰ পৰা পৰিত্রাণ দিব লাগে বুলি আবেদন জনায় অধিবক্তাগৰাকীয়ে৷ কিন্তু অধিবক্তাগৰাকীৰ এই যুক্তিত সন্তুষ্ট হোৱা নাই উচ্চতম ন্যায়ালয়৷ বিচাৰপতি ডি আৰ গাভাই আৰু প্রশান্ত কুমাৰ মিশ্রৰ বিচাৰপীঠে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সদায় যিকোনো প’ষ্টৰ পৰিণতি কি হ’ব পাৰে তাক লৈ সজাগ থকা উচিত বুলি মন্তব্য কৰে৷ লক্ষণীয়ভাৱে অভিনেতা শেখৰে নিজৰ ভুল বুজি পোৱাৰ পিছত সাংবাদিকগৰাকীৰ ওচৰত চর্তহীনভাৱে ক্ষমা বিচাৰিছিল৷ কিন্তু এই ক্ষেত্রতো শীর্ষ আদালতে কয় যে ক্ষমা বিচৰাটোৱেই যথেষ্ট নহয়৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো অতি জৰুৰী নহয়৷ কিন্তু ব্যৱহাৰ কৰিলে তাৰ যিকোনো পৰিণতিৰ বাবে ব্যৱহাৰকাৰী প্রস্তুত থাকিব লাগিব বুলি কঠোৰ বার্তা দিছে শীর্ষ আদালতখনে৷ শেখৰৰ বিতর্কিত প’ষ্টৰ বিৰুদ্ধে তামিলনাডুত একাধিক অভিযোগ দাখিল হৈছিল৷ সেই সম্পর্কীয় গোচৰত শেখৰক নিম্ন আদালতত হাজিৰ হোৱাৰ বাবে পৰামর্শ দিছে শীর্ষ আদালতখনে৷ অর্থাৎ এক অৱমাননাকৰ প’ষ্ট দিয়াৰ বাবেই এতিয়া গোচৰৰ পৰা পৰিত্রাণ নোপোৱা অৱস্থা হৈছে অভিনেতা শেখৰৰ৷ শীর্ষ আদালতখনৰ এই কঠোৰ বার্তা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ্ প্রতি সতর্কবাণী হিচাপে চিহ্ণিত হৈছে৷ অর্থাৎ কোনো ব্যক্তিক ছ’চিয়েল মিডিয়াত অপমানিত কৰা বা বিতর্কিত ছবি মুকলি কৰা কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় বুলি স্পষ্ট কৰি দিছে শীর্ষ আদালতখনে৷

You might also like