নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদী-য়ে ধর্ম সুধি হত্যা কৰিছে, আমি কর্ম চাই হত্যা কৰিছোঁ

🔹 কাশ্মীৰৰ সেনাৰ কেণ্টনমেণ্টত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

নিউজ ডেস্ক, ১৬ মে’ : পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদী-ৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত কালি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে জম্মু–কাশ্মীৰৰ শ্রীনগৰৰ সমীপৱর্তী বাদামীবাগ কেণ্টনমেণ্টত সেনা জোৱানৰ সৈতে বার্তালাপ কৰে৷ পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ বিজয়ক লৈ সেনাৰ বীৰত্ব আৰু সাহসক প্রশংসা কৰি সেনাক লৈ দেশবাসী গৌৰৱান্বিত বুলি কয় প্রতিৰক্ষা মন্ত্রী সিঙে৷ পাকিস্তান আৰু পাকিস্তানী সন্ত্রাসবাদীক কঠোৰ সকীয়নি দি প্রতিৰক্ষা মন্ত্রী সিঙে কয়– সন্ত্রাসবাদীয়ে ধর্মৰ পৰিচয় সুধি হত্যা কৰিছে৷ আমি কর্ম চাই হত্যা কৰিছোঁ৷ অপাৰেচন সিন্দূৰৰ সফলতাত সেনাৰ ভূমিকাক প্রশংসা আৰু কৃতজ্ঞতা জনাবলৈ কালি পুৱা প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে ভাৰতীয় সেনাৰ বাদামীবাগ কেণ্টনমেণ্টত উপস্থিত হয়৷ সেনাৰ সৈতে বার্তালাপত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্ব আৰু নির্দেশনাত অপাৰেচন সিন্দূৰৰ সময়ত সেনাসকলৰ সাহস আৰু বীৰত্বক ভূয়সী প্রশংসা কৰি কয় যে ভাৰতীয় সেনাই কেৱল প্রতিৰক্ষাত আত্মনির্ভৰশীলতাকেই প্রমাণিত কৰা নাই, শক্তিশালীভাৱে যে প্রত্যাক্রমণ কৰিব পাৰে, তাকো প্রমাণিত কৰিলে৷ সন্ত্রাসবিৰোধী অভিযানৰ ইতিহাসত এই অপাৰেচন সিন্দূৰ গুৰুত্বপূর্ণ হিচাপে সদায়ে চর্চিত হৈ থাকিব৷ ইপিনে, পাকিস্তানৰ পাৰমাণৱিক ভাণ্ডাৰত ভাৰতে আক্রমণ কৰা বুলি দেশখনে কৰা দাবীক নস্যাৎ কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আন্তর্জাতিক সমুদায়ৰ দ্বাৰা দেশখনক পাৰমাণৱিক প্রকল্প নিৰীক্ষণ কৰাৰ বাবে দাবী জনায়৷ পাৰমাণৱিক প্রকল্প সম্পূর্ণৰূপে সুৰক্ষিত হৈ আছে বুলি দাবী কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্র তথা দুর্বৃত্ত পাকিস্তানৰ হাতত থকা আণৱিক অস্ত্রই সমগ্র বিশ্বকেই বিপদত পেলাব পাৰে বুলি বিশ্ব সমুদায়ক এইক্ষেত্রত সজাগ হ’বলৈ আহ্বান জনায়৷ সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত আত্মবলিদান দিয়া ভাৰতৰ বীৰ জোৱানক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পেহেলগামৰ নিহতৰ প্রতিও শ্রদ্ধা জ্ঞাপন কৰে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জলন্ধৰৰ আদমপুৰ বায়ুসেনা ঘাটিত গৈ সেনা জোৱানক অপাৰেচন সিন্দূৰৰ বিজয়ৰ বাবে প্রশংসা কৰাৰ লগতে পাকিস্তানক সন্ত্রাসবাদীৰ পৃষ্ঠপোষক নহ’বলৈ কঠোৰ বার্তা প্রেৰণ কৰিছিল৷ ভাৰতীয় সেনাক উৎসাহিত কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রীৰ পাছত কালি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে শ্রীনগৰত ভাৰতীয় সেনাৰ কেণ্টনমেণ্টত উপস্থিত হয়৷

You might also like