নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাহ্মোছ মিছাইল-ৰ খুন্দাত দিনতে তৰা দেখিলে পাকিস্তানে

🔹 গুজৰাটৰ ভুজত বায়ুসেনা ঘাটিত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং 

নিউজ ডেস্ক, ১৭  মে’ : আমাৰ দেশত প্রবচন আছে– দিনতেই তৰা দেখা৷ দেশত নির্মিত ব্রাহ্মোছ মিছাইল-এ ৰাতিৰ আন্ধাৰত দিনৰ পোহৰ দেখুৱালে পাকিস্তানক৷ অর্থাৎ পাকিস্তানে দিনতেই তৰা দেখিলে৷– এই মন্তব্য কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত গুজৰাটৰ ভুজত বায়ুসেনা ঘাটিত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে বায়ুসেনা জোৱানক তেওঁলোকৰ বীৰত্বৰ বাবে প্রশংসা কৰি পাকিস্তান সন্দর্ভত এই মন্তব্য কৰে৷

পাকিস্তানক কঠোৰ সকীয়নি দি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে অপাৰেচন সিন্দূৰ মাত্র এক ট্রেইলৰ বুলিহে আখ্যা দিয়ে৷ পাকিস্তানৰ মিছাইল আৰু ড্রোন আক্রমণ সম্পূর্ণ ব্যর্থ কৰা ভাৰতীয় সেনাৰ বীৰত্বক ভূয়সী প্রশংসা কৰি ভুজৰ বায়ুসেনা ঘাটিত বায়ুবীৰসকলক সম্বোধন কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয়– অপাৰেচন সিন্দূৰৰ সময়ত আপোনালোকে যি সাহস আৰু বীৰত্ব দেখুৱালে, তাৰ বাবে সকলো ভাৰতীয় গৌৰৱান্বিত৷ সন্ত্রাসবাদী ভাৰততেই হওক বা বিদেশতেই হওক, বিনাশ কৰিবলৈ ভাৰতীয় বায়ুসেনাক মাত্র ২৩ মিনিট সময় লাগিছিল৷

ইপিনে, প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে পুনৰ কয়– পেহেলগাম নৰসংহাৰৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযান এতিয়াও শেষ হোৱা নাই৷ এয়া মাথোঁ ট্রেইলৰহে৷ পাকিস্তানক নিৰীক্ষণত ৰখা হৈছে৷ যদি দেশখনে ভাৰতৰ প্রতি আচৰণ বেয়া দেখুৱায়, তেতিয়াহ’লে কঠোৰতম শাস্তি বিহা হ’ব৷ অপাৰেচন সিন্দূৰ শেষ হোৱা নাই৷ সঠিক সময় আহিলে সমগ্র পৃথিৱীকে সম্পূর্ণ ছবিখন দেখুৱাম৷ ইপিনে, প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে অপাৰেচন সিন্দূৰৰ সময়ত প্রাণ হেৰুওৱাসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আহতসকলৰ শীঘ্রে আৰোগ্য কামনা কৰে৷ লক্ষণীয় যে পাকিস্তানৰ বিৰুদ্ধে ১৯৬৫ আৰু ১৯৭১ চনত ভাৰতৰ জয়ৰ সাক্ষী হৈছিল ভুজ৷ আজিও পাকিস্তানৰ বিৰুদ্ধে আমাৰ জয়ৰ সাক্ষী ভুজ বুলি উল্লেখ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে ভুজৰ বায়ুসেনা ঘাটিত উপস্থিত হ’বলৈ পাই গৌৰৱ অনুভৱ কৰে বুলি কয়৷ ইপিনে, ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ সময়ত নিহত হোৱা দুর্ধর্ষ সন্ত্রাসবাদী জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক পাকিস্তান চৰকাৰে ১৪ কোটি টকা দিয়া হ’ব বুলি ঘোষণা কৰিছে৷ ভাৰতীয় সেনাৰ আক্রমণত দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰৰ ভাতৃ–ভগ্ণীসহ ১০জন পৰিয়ালৰ সদস্য নিহত হৈছিল৷ এইবাবেই পাকিস্তান চৰকাৰে মাছুদ আজহাৰলৈ ১৪ কোটি টকা ঘোষণা কৰিছে৷

পাকিস্তান চৰকাৰৰ এই কার্যক কঠোৰ সমালোচনা কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে আইএমএফক পাকিস্তান চৰকাৰক দিয়া ১০০ কোটি মার্কিন ডলাৰৰ ঋণৰ পুনৰ বিবেচনাৰ বাবে আহ্বান জনায়৷ আইএমএফৰ পৰা লাভ কৰা ঋণৰ ধন পাকিস্তানে সন্ত্রাসবাদীক যোগান ধৰে বুলি আইএমএফৰ ব’ৰ্ডৰ বৈঠকত ইছলামাবাদক ঋণ নিদিবলৈ আপত্তি দর্শোৱাৰ পাছতো আমেৰিকা যুক্তৰাষ্ট্রৰ বাবেই পাকিস্তানে আইএমএফৰ ঋণ লাভ কৰিলে৷ ভাৰতে আইএমএফত তোলা পাকিস্তান চৰকাৰে ঋণৰ ধন সন্ত্রাসবাদীক প্রেৰণ কৰা অভিযোগ নিশ্চিত হোৱা বুলি উল্লেখ কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে পাকিস্তানক দিয়া ঋণ সন্দর্ভত পুনৰ বিবেচনা কৰিবলৈ আইএমএফক আহ্বান জনায়৷ তাৎপর্যপূর্ণ যে পৰহি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে স্থলসেনাৰ শ্রীনগৰৰ বাদামীবাগ কেণ্টনমেণ্টত জোৱানসকলক সম্বোধন কৰি অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে তেওঁলোকৰ বীৰত্বক প্রশংসা কৰে৷

You might also like