বিমানৰ পৰা হৰলুকী দিল্লী কেপিটেলছৰ সা–সামগ্রী
বিশেষ বাৰ্তা, ১৯ এপ্রিলঃ চলিত আইপিএলত বিপর্যয়ে লগ এৰা নাই ডেভিদ ৱার্নাৰ নেতৃত্বাধীন দিল্লী কেপিটেলছক৷ এতিয়ালৈকে পাঁচখন মেচ খেলি আটাইকেইখনতে পৰাজয়ৰ সন্মুখীন হোৱা ডেভিদ ৱার্নাৰ বাহিনীয়ে আন এক সমস্যাৰ সন্মুখীন হৈছে৷ কাইলৈ কলকাতা নাইট ৰাইডার্ছৰ বিপক্ষে খেলিবলগীয়া মেচখনৰ প্রাকমুহূর্তত দিল্লী দলটোৰ কেইবাজনো ক্রিকেটাৰৰ সা–সৰঞ্জাম বিমানৰ পৰা চুৰি হৈছে৷ ইতিমধ্যে দিল্লী কেপিটেলছৰ দলীয় মেনেজমেণ্টে এই সন্দর্ভত প্রশাসনৰ কাষ চাপিছে৷ ১৫ এপ্রিলত আৰচিবিৰ বিপক্ষে মেচ খেলি দলটোৱে দিল্লীলৈ উভতিছিল৷ দিল্লী পোৱাৰ লগে লগে ৱার্নাৰ বাহিনীয়ে লক্ষ্য কৰিছিল যে তেওঁলোকৰ কিটবেগৰ পৰা বেট, পেড, জোতা, থাই পেড, গ্ল’ভছ আদি বস্তু নোহোৱা হৈছে৷ এই সামগ্রীসমূহ ডেভিদ ৱার্নাৰৰ লগতে মিচেল মার্শ্ব, ফিল ছল্ট আৰু য়শ ধুলৰ আছিল৷ চুৰি হোৱা সামগ্রীখিনিৰ ভাৰতীয় মূল্যত প্রায় ১ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে৷ দলটোৰ ক্রিকেটাৰসকলৰ কিটবেগৰ পৰা কমেও ১৬খন বেট চুৰি হৈছে৷