নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

🔹 আদালতত কেজৰিৱালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ ইডিৰ

বিশেষ বাৰ্তা, ২২ মার্চ : দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত হাজিৰ কৰোৱা হৈছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক৷ লোকসভা নির্বাচনৰ প্রক্রিয়া চলি থকাৰ সময়তে কালি ইডিয়ে দিল্লী আবকাৰী নীতি কেলেংকাৰি সম্পর্কীয় পিএমএলএ গোচৰত নিশা গ্রেপ্তাৰ কৰা মুখ্যমন্ত্রী কেজৰিৱালক আজি ইডিয়ে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৰাউজ এভিনিউ ক’ৰ্টত হাজিৰ কৰায়৷ ইপিনে, কালি নিশাৰে পৰা প্রতিবাদমুখৰ হৈ থকা ৰাজধানী দিল্লীত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰি পথসমূহত বেৰিকেড স্থাপন কৰাৰ পাছতো মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰৰ বিৰোধিতাত আপৰ নেতা–কর্মীসকলে প্রতিবাদ অব্যাহত ৰাখিছে৷ ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্রান্তত মুখ্যমন্ত্রী কেজৰিৱালক বিজেপি চৰকাৰে অন্যায়ভাৱে গ্রেপ্তাৰ কৰাৰ বাবে প্রতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তুলিছে৷ দিল্লীত প্রতিবাদৰ প্রতি লক্ষ্য ৰাখি মেট্র’ ৰে’ল সেৱা পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে বন্ধ ৰখা হৈছে৷ দিল্লীৰ আদালত চৌহদৰ বাহিৰত নিৰাপত্তা কঠোৰ কৰি তোলাৰ পাছতো শ শ আপ কর্মীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্রী কেজৰিৱাল জিন্দাবাদ ধ্বনি দিয়ে৷ আদালতৰ চৌহদৰ বাহিৰত আপ কর্মীৰ প্রতিবাদৰ প্রতি লক্ষ্য ৰাখি ভিৰ নিয়ন্ত্রণ কিম্বা প্রতিবাদকাৰীক খেদি পঠিয়াবলৈ পানীহিলৈ ব্যৱহাৰ কৰে আৰক্ষীয়ে৷ আইটিঅ’ ষ্টেচনৰ সন্মুখত প্রতিবাদ কৰি থকাৰ বাবে আপ চৰকাৰৰ মন্ত্রী আতিশি, সৌৰভ ভৰদ্বাজক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়৷ ৰাজধানী দিল্লীৰ বিভিন্ন প্রান্তত আৰক্ষী আৰু আপ কর্মীৰ প্রতিবাদৰ সময়ত হোৱা বাক–বিতণ্ডাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত মুখ্যমন্ত্রী কেজৰিৱালক ইডিয়ে আদালতত হাজিৰ কৰোৱাৰ পাছত কেজৰিৱালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি ইডিয়ে গ্রেপ্তাৰৰ সমর্থনত যুক্তি প্রদর্শন কৰে৷ ইডিয়ে দিল্লী আবকাৰী নীতি কেলেংকাৰিত মূল অভিযুক্ত বুলি কেজৰিৱালক আখ্যা দিছে৷ কেজৰিৱালে এই আবকাৰী নীতিৰ জৰিয়তে সংগ্রহ কৰা ধন পঞ্জাব আৰু গোৱাত ব্যৱহাৰ কৰা বুলিও ইডিয়ে আদালতত তথ্য দাখিল কৰে৷ পঞ্জাব নির্বাচনৰ সময়ত দক্ষিণৰ গোটৰ পৰা ১০০ কোটি টকা কেজৰিৱালে দাবী কৰা বুলিও ইডিয়ে যুক্তি দিয়ে৷ ইপিনে, দিল্লী আবকাৰী নীতি সম্পর্কীয় পিএমএলএ গোচৰত গ্রেপ্তাৰ কৰা তেলেংগানাৰ বিআৰএছ নেত্রী কে কবিতাক কেজৰিৱালে নিজেই সাক্ষাৎ কৰিছিল বুলিও ইডিয়ে দাবী কৰে৷ আনপিনে, দক্ষিণৰ গোটৰ পৰা লাভ কৰা ৪৫ কোটি টকা গোৱা নির্বাচনতো আম আদমী পার্টীয়ে ব্যৱহাৰ কৰিছিল বুলি ইডিয়ে দাবী কৰে৷ বৃহৎ পৰিমাণৰ নগদ ধন এই কেলেংকাৰিত লেনদেন হৈছিল বুলি উল্লেখ কৰি ইডিয়ে ইয়াৰ ক্ষেত্রত কেজৰিৱাল দোষী বুলি উল্লেখ কৰে৷ ইডিৰ যুক্তি খণ্ডন কৰি কেজৰিৱালৰ অধিবক্তাই আদালতত কয় যে মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰ কৰাটো বেআইনী৷ কাৰোবাৰ হাতত ক্ষমতা থাকিলেই বুলি এনেদৰে গ্রেপ্তাৰ কৰিব নোৱাৰে৷ আবকাৰী নীতি সন্দর্ভত সাক্ষ্যৰ ক্ষেত্রত ৮০ শতাংশই কেজৰিৱালৰ প্রসংগ উত্থাপন কৰা নাই বুলিও যুক্তি প্রদর্শন কৰে অধিবক্তাই৷ ধনৰ লেনদেনৰ অভিযোগ থাকিলেই এনেদৰে গ্রেপ্তাৰ কৰিব নোৱাৰে বুলিও যুক্তি প্রদর্শন কৰে কেজৰিৱালৰ অধিবক্তাই৷

You might also like