নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ মাটিত উপস্থিত আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ আজি আমেৰিকাৰ পৰা বিতাড়িত ১০৪ ভাৰতীয়ক লৈ এখন আমেৰিকাৰ সামৰিক বিমান শ্ৰীগুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। পঞ্জাৱ আৰু চুবুৰীয়া ৰাজ্যৰ পৰা ১০৪জন অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই আনিছে আমেৰিকাৰ সামৰিক বিমান চি-১৭। আমেৰিকাৰ পৰা ভাৰতলৈ বিতাড়িত ভাৰতীয়ৰ সংখ্যা ১০৪ জন। এই লোকসকলৰ ভিতৰত গৰিষ্ঠসংখ্যক পঞ্জাৱ, হাৰিয়ানা আৰু গুজৰাটৰ। এই তালিকাত আছে পঞ্জাৱৰ মুঠ ৩০জন লোক। পঞ্জাৱৰ বিভিন্ন জিলাৰ আৰক্ষী বিমানবন্দৰত উপস্থিত হৈছে। ইয়াৰ উপৰি আমেৰিকাৰ পৰা বিতাড়িত হোৱা লোকসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ লোকো অন্তৰ্ভুক্ত হৈছে। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কয় যে ৰাজ্য চৰকাৰে প্ৰব্ৰজনকাৰীসকলক আদৰণি জনাই বিমানবন্দৰত কাউণ্টাৰ স্থাপন কৰিব। পঞ্জাৱৰ প্ৰবাসী ভাৰতীয় পৰিক্ৰমা মন্ত্ৰী কুলদীপ সিং ধলিৱালে মঙলবাৰে আমেৰিকা চৰকাৰৰ এই সিদ্ধান্তক লৈ হতাশা প্ৰকাশ কৰি কয় যে সেই দেশৰ অৰ্থনীতিত অৰিহণা যোগোৱা এই লোকসকলক বিতাড়নৰ পৰিৱৰ্তে স্থায়ী বাসস্থান দিয়া উচিত আছিল। পঞ্জাৱ মন্ত্ৰীগৰাকীয়ে কয় যে বহু ভাৰতীয়ই ‘ৱৰ্ক পাৰ্মিট’ লৈ আমেৰিকাত প্ৰৱেশ কৰে আৰু পিছত যেতিয়া ইয়াৰ ম্যাদ উকলি যায় তেতিয়া তেওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী হৈ পৰে। তেওঁ কয় যে অহা সপ্তাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি আমেৰিকাত বসবাস কৰা পাঞ্জাৱীসকলৰ উদ্বেগ আৰু স্বাৰ্থৰ বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছে। মন্ত্ৰী কুলদীপ সিং ধালিৱালে পাঞ্জাবীসকলক অবৈধ উপায়েৰে বহিঃৰাজ্য ভ্ৰমণ নকৰিবলৈও আহ্বান জনাই সমগ্ৰ বিশ্বৰ সুযোগৰ সুবিধা ল’বলৈ দক্ষতা আৰু শিক্ষা আহৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মানুহক বিদেশ ভ্ৰমণৰ পূৰ্বে আইনী পদ্ধতিৰ বিষয়ে জানিবলৈ, শিক্ষা আৰু ভাষাৰ দক্ষতা আহৰণ কৰিবলৈ উৎসাহিত কৰে।

You might also like