নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২৫–১৪০ কিলোমিটাৰ বেগত ‘বিপর্যয়’ৰ সংহাৰ

বিশেষ বাৰ্তা, ১৬ জুনঃ আগজাননী অনুযায়ীয়েই সামুদ্রিক ঘূর্ণি ‘বিপর্যয়’–এ দেশৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটত খুন্দা মাৰি ৰাজ্যখনৰ ভিন্ন প্রান্তৰ মাজেৰে ৰাজস্থানলৈ গতি কৰিছে৷ আৰব সাগৰসৃষ্ট সামুদ্রিক ঘূর্ণি ‘বিপর্যয়’ কালি সন্ধিয়া গুজৰাটৰ উপকূলীয় সৌৰাষ্ট্র, কুচ্চ অঞ্চলত প্রৱেশ কৰি পিছলৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তত সংহাৰী ৰূপ লয়৷ প্রতি ঘণ্টাত ১২৫–১৪০ কিলোমিটাৰ বেগত ৰাজ্যখনৰ ভিন্ন প্রান্তত সামুদ্রিক ঘূর্ণি বিপর্যয়ে অঞ্চলবিশেষত বিপর্যয় ঘটাই আঁতৰি যায় ৷ সন্ধিয়া প্রৱেশ কৰি নিশালৈকে ‘বিপর্যয়’–এ তীব্র গতি লাভ কৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি কৰে৷ সৌৰাষ্ট্র–কুচ্চ অঞ্চলৰ লগতে দেৱভূমি দ্বাৰকা, মাণ্ডাভি আদি অঞ্চলত তীব্রবেগী বতাহৰ লগতে প্রবল বৰষুণত জনসাধাৰণৰ স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে৷ প্রবল বৰষুণৰ ফলত বিভিন্ন অঞ্চলত বান হয়৷ তীব্রবেগী বতাহত বহু বাসগৃহ বিধ্বস্ত হোৱাৰ লগতে শতাধিক গছ–গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰে৷ এনে ঘটনাত দুজন লোকৰ প্রাণহানি হোৱাৰ লগতে ২২জন আহত হৈছে৷ ভাব নগৰ জিলাত পোহনীয়া ছাগলী বচাবলৈ গৈ পিতা–পুত্রৰ কৰুণ মৃত্যু ঘটে৷ তীব্রবেগী বতাহৰ ফলশ্রুতিত বৈদুতিক খুঁটা উভালি পৰাত এহেজাৰতকৈ অধিক গাঁৱত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে৷ গুজৰাট অতিক্রমি ১০০ কিলোমিটাৰ বেগত ‘বিপর্যয়’ ৰাজস্থানৰ পিনে ধাৱমান হোৱাৰ পিছতেই ৰাজস্থানত য়েলো এলার্ট ঘোষণা কৰা হৈছে৷ ‘বিপর্যয়’ৰ ফলশ্রুতিত ৰাজস্থানত প্রবল বৰষুণ আৰম্ভ হৈছে৷ আজিৰ পৰা কাইলৈকে ৰাজ্যখনৰ ভিন্ন প্রান্তত প্রবল বৰষুণ হ’ব৷ ইপিনে, দেশৰ ৰাজধানী দিল্লীতো ‘বিপর্যয়’ৰ প্রভাৱ পৰিছে৷ ৰাজ্যখনৰ ভিন্ন প্রান্তত প্রবল বৰষুণৰ বাবে বাট–পথ জলমগ্ন হৈ পৰিছে৷ বৰষুণ আৰু তীব্রবেগী বতাহৰ বাবে ৰাজধানী দিল্লীত স্বাভাৱিক জীৱনযাত্রাত কিছু ব্যাঘাত জন্মিছে৷ বসন্তকুঞ্জ, মালবিয়া নগৰ, কালকাজিকে ধৰি এনচিআৰৰ নয়দা, দাদ্রী আদি অঞ্চলত বৰষুণৰ ফলত বাট–পথ জলমগ্ন হৈছে৷ উল্লেখ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আৰব সাগৰত সৃষ্টি হোৱা সামুদ্রিক ঘূর্ণি ‘বিপর্যয়’ অতি বিধ্বংসী হ’ব বুলি সতর্কবাণী জাৰি কৰাৰ পিছতে উপকূলীয় ৰাজ্য গুজৰাটকে ধৰি বিভিন্ন ৰাজ্যৰ ক্ষতিৰ সম্ভাৱনা থকা অঞ্চলসমূহক লৈ বিশেষ পৰিকল্পনা কৰে৷ ক্ষতিগ্রস্তৰ অধিক সম্ভাৱনা থকা অঞ্চলসমূহৰ প্রায় ১ লাখ লোকক নিৰাপদ স্থানলৈ নি আশ্রয় দিয়া হয়৷ তদুপৰি সম্ভাব্য সংহাৰৰ প্রতি লক্ষ্য ৰাখি ৰে’লৰ চলাচল বাতিল কৰাৰ সমান্তৰালকৈ উক্ত অঞ্চলসমূহত কার্যসূচীসমূহ বাতিল কৰা হয়৷ বিশেষকৈ মাছমৰীয়াসকলক সাগৰত মাছ মৰাত নিষিদ্ধ ঘোষণা কৰা হয়৷ এনডিআৰএফৰ ১৮টা দল, এছডিআৰএফৰ ১২টা দল, ৰাজ্য প্রশাসনৰ বিভিন্ন বিভাগৰ ১১৫টা দল, বিদ্যুৎ বিভাগৰ ৩৯৭টা দল সাজু কৰি ৰখাৰ লগতে বায়ুসেনা, নৌসেনা উপকূলৰক্ষীকো সষ্টম কৰি ৰখা হৈছে৷ গুজৰাটত বিপর্যয়ৰ ফলত বানৰ কবলত পৰা অঞ্চলসমূহত উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰি তোলা হৈছে৷

You might also like