নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্কট চিকিৎসাৰ বাবে ভেকচিন উদ্ভাৱন

🔹 সুখবৰ : কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ সাফল্য

নিউজ ডেস্ক, ১৯ অক্টোবৰ : কর্কট ৰোগীৰ বাবে আশাৰ খবৰ৷ আধুনিক চিকিৎসা বিজ্ঞানে দুৰাৰোগ্য কর্কটৰ চিকিৎসা চলাই আহিছে যদিও ই এতিয়াও নিশ্চিত ফলপ্রসূ হোৱা নাই৷ কর্কটৰ চিকিৎসাৰ বাবে গৱেষকসকলে বিভিন্ন ধৰণৰ গৱেষণা চলাই আহিছে৷ শেহতীয়াভাৱে এই গৱেষণাত কর্কট ৰোগৰ চিকিৎসাৰ বাবে ভেকচিন উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে৷ কর্কট চিকিৎসাৰ বাবে কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীৰ দলটোৱে নতুন বেক্টেৰিয়াজনিত ভেকচিন উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ ইয়ে বিশ্বৰ কর্কট চিকিৎসাৰ ক্ষেত্রত আশাৰ ৰেঙনি আনিছে৷ প্রাৰম্ভিক অৱস্থাত এই নতুন বেক্টেৰিয়াজনিত ভেকচিন উদ্ভাৱনৰ প্রক্রিয়াত আছে যদিও বিজ্ঞানীৰ দলটোৱে প্রকাশ কৰা মতে, ই ফলপ্রসূ হোৱাটো আশা কৰিব পাৰি৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষক–বিজ্ঞানীৰ দলটোৱে জনোৱা মতে, প্রোবায়’টিক বেক্টেৰিয়া বিকশিত কৰি ইয়াৰ জৰিয়তে কর্কট কোষ বিনাশ কৰিব পাৰিব৷ অর্থাৎ কর্কটৰ বিনাশ কৰিব পৰা প্রতিৰোধী ব্যৱস্থা গঢ়ি তুলিব বেক্টেৰিয়াজনিত ভেকচিনটোৱে৷ এই ভেকচিনটোৰে প্রাৰম্ভিক অৱস্থাত থকা টিউমাৰ আৰু কর্কট আৰম্ভ হোৱা কোষক বিনাশ কৰিব পাৰিব৷ মানৱ দেহত এতিয়ালৈকে এই ভেকচিনটোৰ ব্যৱহাৰ কৰা হোৱা নাই৷ নিগনিৰ দেহত বেক্টেৰিয়াজনিত কর্কট ভেকচিনটো ব্যৱহাৰ কৰি গৱেষকৰ দলটোৱে সাফল্য লাভ কৰিছে৷ টিউমাৰ বৃদ্ধিৰ লগতে কর্কট ৰোগ বৃদ্ধি পাই থকা বিভিন্ন কাৰকবোৰ এই ভেকচিনটোৰ জৰিয়তে সৃষ্ট প্রতিৰোধী ব্যৱস্থাৰে প্রতিহত কৰিব পাৰিব৷ এই ভেকচিন ব্যৱহাৰ কৰি সম্পূর্ণৰূপে কর্কটৰ কোষ বিনাশ কৰিব পাৰি৷ তাৎপর্যপূর্ণ যে মানৱ শৰীৰৰ কোনো স্বাস্থ্যৱান কোষ ইয়াৰ দ্বাৰা ক্ষতি নহয়৷ বিজ্ঞানৰ আলোচনা নেছাৰত এই গৱেষণাৰ প্রতিবেদন প্রকাশ পাইছে৷ গৱেষকৰ দলটোৰ অন্যতম কলম্বিয়া বিশ্ববিদ্যালয়ৰ মাইক্র’ বায়োলজী বিভাগৰ সহযোগী অধ্যাপক ড০ নিকোলাছ আৰপায়াই প্রকাশ কৰা মতে, এই নতুন উদ্ভাৱিত ভেকচিনটোৱে কর্কট ৰোগৰ চিকিৎসাত নতুন মাত্রা দিব পাৰে৷ কিয়নো প্রতিটো কর্কট ৰোগৰে বিভিন্ন জেনেটিক কাৰক আছে৷ লক্ষণীয় যে বেক্টেৰিয়াজনিত কর্কট চিকিৎসা ১৯ শতিকাত ডাঃ উইলিয়াম ক’লীয়ে আৰম্ভ কৰিছিল৷ তেওঁ বেক্টেৰিয়া ব্যৱহাৰৰ ধাৰণাটো আগবঢ়াই নি কর্কট ৰোগীৰ টিউমাৰ বেক্টেৰিয়াৰ ইনজেকচন ব্যৱহাৰ কৰি বৃদ্ধি প্রতিহত কৰিছে৷ আজিও কর্কটৰ প্রাৰম্ভিক অৱস্থাত থেৰাপীত বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়৷ এনে পৰিপ্রেক্ষিতত নতুন বেক্টেৰিয়াজনিত কর্কট ভেকচিনে চিকিৎসা খণ্ডক নতুন গতি দিব পাৰে৷

You might also like