ধোনীৰ দৰে খেলুৱৈ শতিকাত এবাৰহে আহে : অটোগ্রাফ ল’লে সুনীল গাভাস্কাৰে
বিশেষ বাৰ্তা, ১৫ মেঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্র সিং ধোনীৰ অৱসৰক লৈ আৰু বৃদ্ধি পালে জল্পনা–কল্পনা৷ দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পৰিৱেশ দেখি এইটো নিশ্চিত যেন লাগিল যে আই পি এলৰ পৰা ধোনীৰ অৱসৰ সমাগত৷ চলিত আই পি এলেই চি এছ কেৰ অধিনায়কগৰাকীৰ কেৰিয়াৰৰ অন্তিমখন আই পি এল বুলি ইতিমধ্যে অনুৰাগীসকলে অনুধাৱন কৰাৰ পিছত যোৱানিশা চেন্নাই আৰু কলকাতাৰ মাজত অনুষ্ঠিত মেচখনৰ সমাপ্তিৰ পিছত ধোনীয়ে দর্শকৰ প্রতি কৰা ব্যৱহাৰে ক্রিকেটাৰগৰাকীৰ অৱসৰৰ ইংগিত দিছে৷ অৱশ্যে অৱসৰ সন্দর্ভত ধোনীয়ে এতিয়ালৈকে স্পষ্টকৈ কোৱা নাই৷ ধোনীৰ অৱসৰৰ বিষয়টোক লৈ সর্বত্র চলি থকা চর্চাৰ সময়তে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন মহান বেটাৰ সুনীল গাভাস্কাৰে অনুৰাগীৰ হৈ খেলপথাৰৰ মাজতে ধোনীৰ পৰা অটোগ্রাফ লোৱা ঘটনাই মাহীৰ অৱসৰৰ বিষয়টো অধিক গভীৰতালৈ ঠেলি দিছে৷ চেন্নাইত যিহেতু আই পি এলৰ গ্রুপ পর্যায়ৰ অন্তিমখন মেচ আছিল, সেয়েহে দলটোৱে দর্শকক ধন্যবাদ জনোৱাৰ বাবে নতুন পন্থা অৱলম্বন কৰিছিল৷ খেলৰ অন্তত ষ্টেডিয়ামৰ চাৰিও দিশে সতীর্থৰ সৈতে খোজ লৈছিল ধোনীয়ে৷ টেনিছৰ ৰেকেটেৰে চি এছ কেৰ অধিনায়কগৰাকীয়ে ষ্টেডিয়ামৰ দর্শকলৈ টেনিছ বল নিক্ষেপ কৰিছিল আৰু দর্শকসকলেও ধোনী ব্রিগেডলৈ প্রেৰণ কৰিছিল ধন্যবাদৰ বার্তা৷ ধোনীৰ এই যাত্রাত অংশ লৈছিল পৰিচালকসকলেও৷ হঠাতে ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন মহান অ’পেনাৰ তথা জনপ্রিয় ধাৰাভাষ্যকাৰ সুনীল গাভাস্কাৰ দৌৰি আহে ধোনীৰ ওচৰলৈ৷ হাতত আছিল এটা মার্কাৰ কলম৷ বিচাৰিলে মাহীৰ পৰা অটোগ্রাফ আৰু হাঁহি হাঁহি গাভাস্কাৰৰ টি–ছার্টত ফটোগ্রাফ দি ধোনীয়ে লিখিলে ‘মাহী’৷ ক্ষন্তেকতে ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈ পৰে৷ ধোনী সন্দর্ভত গাভাস্কাৰে কয় যে ইণ্ডিয়ান প্রিমিয়াৰ লীগ আৰু অধিক লাভান্বিত হ’ব যেতিয়ালৈকে ধোনীয়ে আৰু কেইবছৰমান খেলি যাব৷ ধোনীক শতিকাৰ শ্রেষ্ঠ খেলুৱৈ বুলি অভিহিত কৰি কিংবদন্তি গাভাস্কাৰে কয় যে ধোনীৰ দৰে খেলুৱৈ শতিকাত এবাৰহে আহে৷