নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাম্পৰে গ’লফ খেলিলে ধোনীয়ে

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ ৩ বছৰতকৈও অধিক হ’লেও তেওঁৰ প্ৰতি অনুৰাগীৰ উন্মাদনা আজিও কমি যোৱা নাই। এতিয়া এই তালিকাত এটা নতুন নামো সংযোজন কৰা হৈছে যিটো হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। এইকেইদিন ধোনীয়ে পৰিয়ালসহ আমেৰিকাত ছুটী লৈ আছে আৰু এই সময়ছোৱাত ডোনাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ এখন ফটো চৰ্চালৈ আহিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ধোনিৰ বাবে গ’ল্ফ খেল আয়োজন কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ধোনীক গলফ খেলাৰ প্ৰতি অতিশয় আকৰ্ষিত হোৱা দেখা গৈছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ইউ এছ অ’পেনত কাৰ্লোছ আলকাৰাজ আৰু ঝভেৰেভৰ মাজত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখন চাবলৈ অহাৰ সময়ত ধোনীৰ এটা ভিডিঅ’ও ওলাইছিল। এই মেচত আলকাৰাজে জয়লাভ কৰি ছেমিফাইনেলত স্থান দখল কৰে। ইয়াৰ পূৰ্বেও ধোনীয়ে গলফ খেলাৰ ভিডিঅ’ বহুবাৰ পোহৰলৈ আহিছে। আই পি এলৰ ১৬সংখ্যক ছিজনত চেন্নাই ছুপাৰ কিংছক বিজয়ী কৰি তোলাৰ পাছত ধোনীৰ আঁঠুৰ অপাৰেচন কৰা হয়। ইয়াৰ পিছত অহা কেইমাহমান ৰিহাবত সময় কটোৱাৰ পিছত এতিয়া তেওঁ সম্পূৰ্ণ ফিট হৈ পৰিছে। ধোনিৰ নেতৃত্বত ভাৰতীয় দলটোৱে আই চি চিৰ অন্তিমখন ট্ৰফী লাভ কৰে। বিশ্ব ক্ৰিকেটত অধিনায়ক হিচাপে ধোনীক মহান খেলুৱৈৰ ভিতৰত গণ্য কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আইচিচিৰ ইভেণ্টত অধিনায়ক হিচাপে তেওঁৰ উজ্জ্বল প্ৰদৰ্শন। ধোনিৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২০১৩ চনত আই চি চিৰ অন্তিমটো ট্ৰফী লাভ কৰে। ২০১১ চনত যেতিয়া টীম ইণ্ডিয়াই ঘৰুৱা মাটিত ধোনীৰ নেতৃত্বত এদিনীয়া বিশ্বকাপ খেলিছিল, তেতিয়া টীম ইণ্ডিয়াই খিতাপ দখল কৰিছিল।

You might also like