মেক্সিকোৰ অৰণ্যত প্রাচীন মায়া সভ্যতাৰ চহৰৰ সন্ধান
বিশেষ বাৰ্তা, ৮ জুলাইঃ মেক্সিকোৰ গভীৰ অৰণ্যত সন্ধান পোৱা গৈছে প্রাচীন মায়া সভ্যতাৰ চহৰৰ৷ মায়া সভ্যতাৰ ধ্বংসাৱশেষ বিচাৰি উলিয়াইছে প্রত্নতত্ত্ববিদ ড০ ইভান স্প্রাইছে৷ শ্লোভেনিয়াৰ এই প্রত্নতত্ত্ববিদগৰা বিগত ৩০ বছৰ ধৰি মেক্সিকোৰ য়ুকাটান উপদ্বীপ অঞ্চলৰ গভীৰ অৰণ্যত প্রাচীন মায়া সভ্যতাৰ স্মাৰক বিচাৰি আহিছে৷ ঘন অৰণ্যত কষ্টকৰ যাত্রা সত্ত্বেও বিৰামহীনভাৱে এই অভিযান চলাই আহিছে প্রত্নতত্ত্ববিদগৰা৷ অৰণ্যই হতাশ কৰা নাই ইভান স্প্রাইছক৷ শ্লোভেনিয়াৰ এই প্রত্নতত্ত্ববিদগৰা ২০১৩ চনৰ পৰা জংঘলৰ মাজত একাধিক চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়া আৱিষ্কাৰেৰে সমগ্র বিশ্বৰ নজৰ কাঢ়িবলৈ সক্ষম হৈছে ইভান স্প্রাইছে৷ যোৱা মাহত মেক্সিকোৰ বালামপুৰ বাস্তুতান্ত্রিক সংৰক্ষণ ক্ষেত্রৰ মাজত এই প্রাচীন মায়া সভ্যতাৰ চহৰৰ সন্ধান লাভ কৰে ইভান আৰু তেওঁৰ সতীর্থসকলে৷ এই চহৰখন গঢ়ি উঠিছিল ৬০০ৰ পৰা ৮০০ খ্রীষ্টাব্দৰ ভিতৰত৷ ইভানে এই চহৰৰ নাম দিছে ‘অ’কোমটুন’৷ ইয়াৰ অর্থ প্রাচীন মায়া ভাষা অনুসৰি পাথৰৰ চহৰ৷ বহু প্রাচীন মন্দিৰ আৰু পিৰামিড আছে চহৰখনত৷