নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিখণ্ডিত পাকিস্তান : স্বাধীন বেলুচিস্তানৰ জন্ম !

🔹 পাকিস্তানৰ পতাকা নমাই বেলুচ বিদ্রোহীয়ে উৰুৱালে স্বাধীন ৰাষ্ট্রৰ পতাকা

নিউজ ডেস্ক, ১০ মে’ : ভাৰতৰ সৈতে সংঘাতত লিপ্ত হৈ থকাৰ সময়তে পাকিস্তান -ৰ অভ্যন্তৰত অঘটন৷ পাকিস্তানৰ বেলুচিস্তান স্বাধীন হোৱাৰ দাবী তুলিছে বিদ্রোহী সংগঠন বেলুচিস্তান লিবাৰেল আর্মীয়ে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰতক অশান্ত কৰিব বিচৰা পাকিস্তান দ্বিখণ্ডিত হোৱাৰ দিশে৷ বেলুচিস্তানত এতিয়া পাকিস্তানৰ পতাকা নমাই তাৰ স্থানত বেলুচিস্তানৰ পতাকা উৰুওৱা হৈছে৷ বেলুচিস্তানৰ প্রখ্যাত লেখক মীৰ য়াৰ বেলুচে দাবী কৰা মতে, বেলুচিস্তান পাকিস্তানৰ পৰা স্বাধীন হৈছে৷ ভাৰত চৰকাৰক নতুন দিল্লীত বেলুচ ৰাষ্ট্রদূতৰ কার্যালয় স্থাপন কৰিবলৈ অনুমতি দিব লাগে বুলি লেখক মীৰ য়াৰ বেলুচে বিবৃতি প্রকাশ কৰিছে৷ অকল এয়াই নহয়, পাকিস্তানী সেনাক বেলুচিস্তান ত্যাগ কৰিবলৈ নির্দেশ দি ৰাষ্ট্রসংঘই শান্তিৰক্ষা বাহিনী প্রেৰণ কৰিব লাগে বুলিও দাবী কৰিছে লেখকগৰাকীয়ে৷ বেলুচিস্তানৰ লেখকগৰাকীৰ এই সাহসী ঘোষণাৰ পাছত বেলুচ বিচ্ছিন্নতাবাদী নেতা এগৰাকীয়েও বেলুচিস্তান স্বাধীন হোৱাৰ দিশে এখোপ আগবাঢ়িছে বুলি মন্তব্য কৰিছে৷ বেলুচিস্তান লিবাৰেচন আর্মীয়ে পাকিস্তানী সেনাৰ ওপৰত আক্রমণ কৰি সেনাৰ কার্যালয়, ঘাটিসমূহ দখল কৰি থকাৰ দাবী তুলি বিচ্ছিন্নতাবাদী নেতাজনে বিবৃতিযোগে পাকিস্তানৰ পৰা বেলুচিস্তান স্বাধীন হৈছে বুলি উল্লেখ কৰি ভাৰত আৰু ৰাষ্ট্রসংঘৰ লগতে আন্তর্জাতিক সমুদায়ক আনুষ্ঠানিকভাৱে নতুন ৰাষ্ট্রৰ স্বীকৃতি দিবলৈ দাবী জনাইছে৷ বিবৃতিত পাকিস্তানক বিধ্বস্ত সন্ত্রাসবাদীৰ দেশ বুলি আখ্যা দি ৰূপান্তৰিত ডেম’ক্রেটিক ৰিপাব্লিক অৱ বেলুচিস্তান শীঘ্রেই ঘোষণা কৰা হ’ব বুলিও বিচ্ছিন্নতাবাদী নেতাজনে দাবী কৰিছে৷ নতুন দিল্লীত ৰাষ্ট্রদূতৰ কার্যালয় খুলিবলৈ অনুমতি দিয়াৰ বাবে ভাৰতক আহ্বান জনাইছে নেতাগৰাকীয়ে৷ বেলুচিস্তানত মানৱ অধিকাৰ উলংঘন হৈ থকা বুলি ভাৰতে দীর্ঘদিন ধৰি উদ্বিগ্ণতা প্রকাশ কৰি অহাৰ সময়তে বেলুচ বিচ্ছিন্নতাবাদী নেতাৰ এই মুকলি আহ্বান ভূ–ৰাজনৈতিক ক্ষেত্রখনত গুৰুত্বপূর্ণ হৈ পৰিছে৷ মন কৰিবলগীয়া যে স্বাধীন বেলুচিস্তান ঘোষণা কৰি ৰাষ্ট্রসংঘই বৈঠকৰ জৰিয়তে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ দাবীও বিবৃতিত উল্লেখ কৰা হৈছে৷ নাগৰিকৰ বাবে চৰকাৰী নথি–পত্র আৰু দেশৰ মুদ্রা সৃষ্টি কৰাৰ বাবে আন্তর্জাতিক পুঁজি মুকলি কৰি দিয়াৰো দাবী তোলা হৈছে৷ মুদ্রা আৰু পাৰপত্র ছপোৱাৰ বাবে কেইবা বিলিয়ন পুঁজি মুকলি কৰাটো প্রয়োজনীয় বুলিও বিবৃতিত উল্লেখ কৰা হৈছে৷ ইপিনে, বেলুচিস্তানত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষা বাহিনী শীঘ্রেই প্রেৰণ কৰাৰ দাবী তুলি পাকিস্তানৰ সেনা বাহিনীক দেশখন এৰিবলৈ নির্দেশ দিয়ে৷ আনহাতে, সেনা, সীমান্তৰক্ষী বাহিনী, আৰক্ষী, সামৰিক চোৰাংচোৱা, আইএছআই, অসামৰিক প্রশাসনত থকা সকলো অনা–বেলুচক শীঘ্রেই বেলুচিস্তান ত্যাগ কৰিবলৈও নির্দেশ দিয়া হৈছে বিবৃতিটোত৷ তাৎপর্যপূর্ণ যে প্রস্তাৱিত নতুন ৰাষ্ট্রৰ চৰকাৰ গঠনৰ বাবে ইতিমধ্যে বেলুচ বিদ্রোহীয়ে প্রস্তুতি কৰিছে৷ ভৱিষ্যতৰ চৰকাৰত বেলুচ মহিলাৰ প্রতিনিধি ৰখাৰ প্রতিশ্রুতিও সংগঠনটোৱে পালন কৰিব৷ তথ্য মতে, পাকিস্তানী সেনাৰ বিৰুদ্ধে ৰাজপথত যুদ্ধ চলাই আছে বেলুচ লিবাৰেচন আর্মীয়ে৷ পাকিস্তানী সেনাৰ লগত বেলুচ বিদ্রোহীৰ সংঘাত তীব্রতৰ হৈ উঠিছে৷ প্রদেশখনৰ কেইবাটাও অঞ্চলৰ পৰা পাকিস্তানী সেনা পলায়ন কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ চৰকাৰী প্রতিষ্ঠানসমূহত পাকিস্তানৰ পতাকা নমাই বেলুচৰ পতাকা আঁৰি দিয়া হৈছে৷

You might also like