হোৱাইট হাউছৰ পৰা সন্ধানহীন চিকিৎসক
ট্রাম্পৰ অভব্য পৰামর্শক কেন্দ্র কৰি প্রতিক্রিয়া
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মাৰাত্মক ক’ভিড–১৯ৰ ভেকচিন বা প্রতিষেধক হিচাপে বিভিন্ন সংক্রামক প্রতিৰোধী দৰব ব্যৱহাৰ কৰিব লাগে বুলি চিকিৎসকক পৰামর্শ আগবঢ়োৱাৰ লগে লগে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলৰ চকু কপালত উঠিছে ৷ ট্রাম্পৰ এই অবিবেচকী পৰামর্শৰ পিছতে হোৱাইট হাউছৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে ৰাষ্ট্রপতিগৰাকীক কঠোৰ সমালোচনা কৰিছে ৷ ৰাষ্ট্রপতি ট্রাম্পে হোৱাইট হাউছৰ সংবাদ মেলত এই পৰামর্শ আগবঢ়োৱাৰ এদিন পিছতে কেইবাগৰাকীও বিশিষ্ট চিকিৎসক সন্ধানহীন হৈছে ৷ বিশেষকৈ হোৱাইট হাউছৰ চিকিৎসা বিশেষজ্ঞ ডেব’ৰা ব্রিক্সে ট্রাম্পৰ মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰাৰ এদিন পিছতেই আত্মগোপন কৰিছে ৷